ETV Bharat / state

Exceptional protest in Nagaon: ধনৰ বিনিময়ত চাকৰি; নগাঁৱত চাকৰিৰ দোকান - Irregularities in recruitment process

নগাঁৱত সচেতন লোকৰ চাকৰিৰ দোকান ! ধন দিয়ক চাকৰি লওঁক । নগাঁৱৰ ক'ত কোনে কিয় দিলে এই দোকান ? চাকৰিৰ নামত ধনৰ ব্যাপক লেনদেনৰ অভিযোগে সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ পাছতে এই ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱত ।

Exceptional protest in Nagaon against govt
ধনৰ বিনিময়ত চাকৰি; নগাঁৱত চাকৰিৰ দোকান
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 2:08 PM IST

ধনৰ বিনিময়ত চাকৰি; নগাঁৱত চাকৰিৰ দোকান

নগাঁও,২৬ আগষ্ট: শনিবাৰে এখন বিশেষ দোকানে দৃষ্টি আকৰ্ষণ কৰিলে নগাঁওবাসীৰ । নগাঁও চহৰৰ মাজমজিয়াতে দিয়া দোকানখন আন একো নহয়, দোকানখন হৈছে চাকৰিৰ দোকান । বেনাৰত স্পষ্টকৈ লিখা আছে টকা দিয়ক, চাকৰি লওঁক । শুনি নিশ্চয় আচৰিত হৈছে । এখন চহৰৰ মাজমজিয়াত এনেদৰে মুকলিকৈ চাকৰিৰ দোকান আকৌ সম্ভৱ কেনেকৈ ?

আচলতে প্ৰতীকী ৰূপত চাকৰিৰ দোকানেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্য হে এয়া । শাসনাধিস্থিত বিজেপি চৰকাৰৰ বিৰুদ্ধে নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি এইদৰে প্ৰতীকী ৰূপত চাকৰিৰ দোকান দি প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ কেইজনমান সচেতন লোকে ।

বিগত কিছুদিন ধৰি চাকৰিৰ নামত ধনৰ ব্যাপক লেনদেনৰ অভিযোগে সৰ্বত্ৰে লাভ কৰিছে ব্যাপক চৰ্চা । ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দ্বিবন ডেকাসহ কেইবাজনো লোকক । বিজেপিৰ বহু নেতাৰে ঘনিষ্ঠ সম্পৰ্ক থকা দিবন ডেকাৰ প্ৰসংগই হওক অথবা আন কেবাটাও প্ৰসংগৰ সৈতে সাঙোৰ খাইছে চাকৰিৰ নামত লেনদেনৰ অভিযোগ ।

শেহতীয়াকৈ দুৰ্নীতি মুক্ত অসমৰ কথা কোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতেই চৰকাৰী চাকৰি দিয়াৰ নামত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰি নগাঁৱৰ সচেতন যুৱক বিৰিঞ্চি বৰা, সচেতন নাগৰিক দুলাল বৰাৰ নেতৃত্বত এইদৰে চাকৰিৰ দোকান খুলি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীৰ অভিযোগ যে এবাৰ গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকা পূৰ্বেও এছ আই কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হৈছিল ।

কিন্তু এবাৰ জেল হাজোতৰ ভাত খাই অহা দ্বিবন ডেকা পৰৱৰ্তী সময়ত বিজেপিৰ বহু নেতাৰ ঘনিষ্ঠ কেনেকৈ হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী যুৱক বিৰিঞ্চি বৰাই । কেৱল এয়াই নহয়, সম্প্ৰতি অতি ক্ষমতাশালী নেতাৰ নেতৃত্বতেই চাকৰিৰ বজাৰ চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে বিৰিঞ্চি বৰাই ।

লগতে পঢ়ক: Anti-Gutkha raid in Bihpuria: বিহপুৰীয়াত গুটখা ব্যৱসায়ীৰ বাসগৃহত অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.