ETV Bharat / state

আকাশ মাৰ্গত প্ৰতীকি মূৰ্তি সাজি লাভলীনাক শুভেচ্ছা পাৰ্থ প্ৰতিম বৰুৱাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱায়ো অসম কন্যা লাভলীনাক ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে জনালে শুভেচ্ছা ৷

author img

By

Published : Aug 6, 2021, 8:47 PM IST

Updated : Aug 14, 2021, 8:27 AM IST

exceptional-greetings-from-pottery-artist-parthapratim-barua-to-lovlina-borgohain
লাভলীনালৈ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাৰ ব্যতিক্ৰমী শুভেচ্ছা

চামগুৰি, 6 আগষ্ট : অলিম্পিকত পদক অৰ্জন কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁইক এতিয়া প্ৰশংসা আৰু শুভেচ্ছাৰে উপচাইছে প্ৰতিগৰাকী অসমবাসীয়ে ৷ ইয়াৰ মাজতে পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে লাভলীনাক জনালে জয়ৰ শুভেচ্ছা ৷

আকাশ মাৰ্গত প্ৰতীকি মূৰ্তি সাজি লাভলীনাক শুভেচ্ছা পাৰ্থ প্ৰতিম বৰুৱাৰ

লগতে পঢ়ক : গাভৰু নৈৰ বলুকা ৰাশিত জিলিকিছে লাভলীনা বৰগোঁহাই

লাভলীনা বৰগোহাঁইৰ সাফল্যত উৎফুল্লিত হৈ খেলুৱৈ গৰাকীক শুভেচ্ছা জনাবৰ বাবে শিল্পী গৰাকীয়ে অসমৰ কেঁচা মাটিৰেই আকাশমাৰ্গতে নিৰ্মাণ কৰিলে এক বিশেষ প্ৰতীকি মূৰ্তি ।

অসম তথা দেশৰ সন্মান ৰক্ষা কৰি ট'কিঅ অলিম্পিকত পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা বাবে অসম জীয়ৰী লাভলীনা বৰগোহাঁইলৈ আকাশমাৰ্গতে এই বিশেষ প্ৰতীকি মূৰ্তিটো নিৰ্মাণ কৰিছে মৃৎ শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই ৷ য'ত খোদিত কৰা হৈছে অসমৰ বিহুৱানৰ লগতে দেশৰ ৰাষ্ট্ৰীয় পতকা ৷

বিশেষ বিমান যোগে গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হোৱা সময়ত পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰে এই প্ৰতীকি মূ্ৰ্তি । ট'কিঅ অলিম্পিকৰ পৰা ঘূৰি অহাৰ পৰত নতুন দিল্লীত লাভলীনা বৰগোহাঁইক সাক্ষাৎ কৰি এই প্ৰতীকি মূৰ্তি প্ৰদান কৰিব শিল্পী গৰাকীয়ে ।

লগতে পঢ়ক : সোণৰ হৃদয় : প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ

Last Updated : Aug 14, 2021, 8:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.