নগাঁও,7 ,মাৰ্চ: অসম গণ পৰিষদ দলৰ শেহতীয়া স্থিতি,প্ৰাৰ্থীত্ব সংঘাত আৰু দলীয় নেতাৰ কাণ্ড কাৰখানা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা দলৰ পদত্যাগী উপ-সভাপতি গুণীন হাজৰিকাই ৷ বিজেপি দলৰ ওচৰত নতশিৰ হৈ আঞ্চলিকতাবাদক ধোঁৱা চাঙত তুলি ব্যক্তিগত লাভা-লাভৰ বাবে দলক ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলৰ পদত্যাগী উপ-সভাপতি গুণীন হাজৰিকাই ৷ লগতে নাম নোলোৱাকৈয়ে নেতা গৰাকীয়ে অভিযোগৰ লক্ষ্য কযি লয় বৰ্তমানৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক ৷ উল্লেখ্য যে,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক শাৰীৰিক অসুস্থতাৰ গইনা লৈ টিকটৰ পৰা বঞ্চিত কৰাত ক্ষোভিত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা৷ অগপ দলটোয়ে প্ৰতিষ্ঠা কালৰে পৰা অক্ষত ৰখা বঢ়মপুৰ সমষ্টিটো নিজৰ হাতত ৰাখিবলৈ সক্ষম নোহোৱাতো শীৰ্ষ নেতাৰ দুৰ্বলতা, যিটোৱে দলটোক ভয়ঙ্কৰ ক্ষতি কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিল বুলি মন্তব্য কৰিছে গুণীন হাজৰিকাই ৷ লগতে দলৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপে নূন্যতম সন্মান প্ৰদৰ্শন নকৰি দলীয় টিকটৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তক বঞ্চিত কৰা কাৰ্যত বিতুষ্ট একালৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী গৰাকী ৷ সমাগত বিধানসভা নিৰ্বাচনত মিত্ৰ দল বিজেপিৰ শ্ৰুতলিপি মতে দলীয় টিকট বিতৰণে আঞ্চলিকতাবাদী দলটোক বৃহৎ ক্ষতি কৰিব বুলি মন্তব্য কৰিছে গুণীন হাজৰিকাই ৷
প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা আৰু দলটোৰ প্ৰতিষ্ঠাৰে পৰা এটাও নিৰ্বাচনত পৰাজিত নোহোৱা অসমৰ ৰাজনীতিৰ অন্যতম শক্তিশালী নেতা প্ৰফুল্ল কুমাৰ মহন্তক টিকট প্ৰদান নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰ্তমানৰ অগপৰ শীৰ্ষ নেতাৰ কৰ্ম-কাণ্ডক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নেতা গৰাকীয়ে৷ ইতিমধ্যে 'কা' বিৰোধী স্থিতিত অটল থাকি অগপ দলৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰা জেষ্ঠ নেতাগৰাকীয়ে অগপ দলক এখন ডুবন্ত জাহাজৰ লগত তুলনা কৰে৷ বিজেপিৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ আত্মঘাতী সিদ্ধান্ত লোৱা অগপ দলটো আগন্তুক নিৰ্বাচনৰ পাছতেই যে নিচিহ্ন হৈ যাব সেই কথা এইবাৰ প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াই নিশ্চিত কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই ৷
বিজেপিৰ নিৰ্দেশ মতেই দলীয় টিকট দিয়াৰ বাবে পৰমানন্দ ৰাজবংশীয়ে দল ত্যাগ কৰি বিজেপিৰ লগ লাগিছে ৷ তদুপৰি ৰাজবংশীয়ে অগপৰ দলৰ প্ৰাৰ্থী হৈ বিজেপিৰ চিহ্নত চিপাঝাৰ সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰিব বুলি দলীয় ৰাজনীতিত নোহোৱা-নোপোজা ঘটনা এটাৰো চৰ্চা হোৱাত আশ্চৰ্য প্ৰকাশ কৰে হাজৰিকাই ৷ এনে কাৰণতেই অগপৰ বৰ্তমানৰ নেতৃত্বত এইটোৱেই শেষ নিৰ্বাচন যেন পৰিলক্ষিত হৈছে বুলিও মত প্ৰকাশ কৰে ৷ বৰ্তমান নিৰ্বাচনৰ সময়ত নতুনকৈ জন্ম লাভ কৰা 'কা' বিৰোধী আঞ্চলিকতাবাদী দল শক্তিশালী হোৱাতোও কামনা কৰে কলিয়াবৰৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ অগপৰ কলিয়াবৰ সমষ্টি প্ৰাৰ্থী কেশৱ মহন্তৰ বাবেও প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বিৰোধিতাই কেনেদৰে প্ৰভাৱ পেলাই সি হ'ব লক্ষণীয় ৷
লগতে পঢ়কঃ দলীয় টিকটক কেন্দ্ৰ কৰি বিজেপি-ইউপিপিএলৰ টনা-আঁজোৰা