ৰূপহীহাট, ১৯ ডিচেম্বৰ: নগাঁৱৰ ৰূপহীত ব্যৱসায়ীয়ে নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰোৱা বজাৰ গৃহত চলিল প্ৰশাসনৰ এক্সকেভেটৰ । শনিবাৰে ৰূপহীৰ সাপ্তাহিক বজাৰত উচ্ছেদ অভিযান চলালে প্ৰশাসনে । মৰাপাট মহলত একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ নিৰ্দশনালৈ আওকাণ কৰি নিজৰ ইচ্ছামতে দুটা বজাৰ গৃহ নিৰ্মাণ কৰোৱাইছিল । ব্যৱসায়ীকেইজনৰ নিৰ্দেশতে বজাৰ গৃহ নিৰ্মাণ কাৰ্য চলি আছিল ।
শনিবাৰে প্ৰশাসনে উচ্ছেদ কৰে অবৈধভাৱে নিৰ্মাণ কৰা বজাৰ গৃহ । এক্সকেভেটৰেৰে বজাৰ গৃহৰ দেৱালবোৰ ভাঙি তচনচ কৰি দিয়া হয় । উচ্ছেদ অভিযানৰ সময়ত আৰক্ষী, চি আৰ পি এফ মোতায়েন কৰাৰ লগতে খণ্ড উন্নয়ন বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে ৷ পূৰ্বে এই নিৰ্মাণ কাৰ্য অবৈধ বুলি সকীয়াই দিয়াৰ পিছতো কাম অব্যাহত ৰখা হৈছিল। সেয়ে,আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায় ।
লগতে পঢ়ক:তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য নগাঁও