ETV Bharat / state

etv bharat ৰ বাতৰিৰ প্ৰভাৱ: ৰাজহুৱা শ্মশান নিৰ্মাণ সন্দৰ্ভত তৎপৰ কৰ্তৃপক্ষ

author img

By

Published : Jun 24, 2021, 10:51 PM IST

বঢ়মপুৰত ৰাজহুৱা শ্মশান নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ বাতৰি ইটিভি ভাৰতৰ যোগে সম্প্ৰচাৰিত হোৱাৰ পাছতেই খণ্ড উন্নয়ন বিষয়াৰ তৎপৰতা প্ৰদৰ্শন । নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনষ্ঠ তথা বঢ়মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নেধাৰগাঁৱৰ এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰাৰ লগতে ব্যাপক বিসংগতিপূৰ্ণভাৱে কাম কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ পিছত বিষয়টো সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ পাইছিল ৷

etv bharat news impact on barhampur crematory construction scam
etv bharat ৰ বাতৰিৰ প্ৰভাৱ: বঢ়মপুৰত ৰাজহুৱা শ্মশান নিৰ্মাণৰ অনিয়ম সম্পৰ্কত তৎপৰ কৰ্তৃপক্ষ

চামগুৰি, 24 জুন : বঢ়মপুৰত ৰাজহুৱা শ্মশান নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ বাতৰি ইটিভি ভাৰতৰ যোগে সম্প্ৰচাৰিত হোৱাৰ পাছতেই খণ্ড উন্নয়ন বিষয়াৰ তৎপৰতা প্ৰদৰ্শন । নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনষ্ঠ তথা বঢ়মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নেধাৰগাঁৱৰ এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰাৰ লগতে ব্যাপক বিসংগতিপূৰ্ণভাৱে কাম কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ পিছত বিষয়টো সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ পাইছিল ৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে বঢ়মপুৰ খণ্ড উন্নয়ন বিষয়াই এই বিষয়ত এক ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰে ।

কেৱল সেয়া নহয়, বিষয়টো সম্পৰ্কত গাঁও পঞ্চায়তখনৰ সচিবক যাৱতীয় নথিপত্ৰ দাখিল কৰিবলৈকো নিৰ্দেশনা জাৰি কৰিছে বিষয়া গৰাকীয়ে ৷ শেহতীয়াকৈ বঢ়মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নেধাৰগাঁৱৰ এই শ্মশানখন নিৰ্মাণৰ নামত অহা ধন পঞ্চায়তৰ প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই সম্পৰ্কত অসম জাতীয়দাবাদী যুৱ পৰিষদৰ সদস্যই সংবাদ মাধ্যমক অৱগত কৰে ৷

বঢ়মপুৰ গাঁও পঞ্চায়তৰ দ্বাৰা ২০১৯-২০ বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নেধাৰগাঁৱস্থিত ৰাজহুৱা শ্মশানখনত মাটি পেলোৱা আৰু নলা নিৰ্মাণৰ বাবদ ৬ লাখ টকা ধাৰ্য কৰা হৈছিল ৷ কিন্তু এখন নৈৰ কাষতে থকা প্ৰায় ৭ বিঘা ৪ কঠা মাটিৰ প্ৰায় তিনি কঠা মাটিত সামান্য পৰিমাণৰ মাটি পেলাই আৰু দুটা কালভাৰ্ট দিয়েই পঞ্চায়তে কাম সম্পন্ন কৰে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ পৰৱৰ্তী সময়ত শ্মশানখন নিৰ্মাণৰ নামত সৰহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷

এই বিষয়টোক কেন্দ্ৰ কৰি পঞ্চায়তখনৰ সভাপতি গৰাকীয়ে আনলৈ দোষ জাপি দিয়াত সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ আনহাতে, বিসংগতিপূৰ্ণ কাম-কাজসমূহ নিয়াৰিকৈ কৰিবলৈ নিৰ্মাণ সমিতিক তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে । খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে উক্ত কাম পৰ্যবেক্ষণ কৰি প্ৰয়োজন সাপেক্ষে পুনৰ নিৰ্মাণকাৰ্য কৰিব বুলি আশ্বাস প্ৰদান কৰিছে যদিও পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব বিষয়টো ৷

লগতে পঢ়ক : 10 ছেপ্তেম্বৰত বজাৰলৈ আহিব ৰিলায়েন্স-গুগলৰ 4জি হেণ্ডছেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.