ETV Bharat / state

জলসম্পদ মন্ত্ৰীৰ নিজ সমষ্টিত লুইতে খহনীয়াৰ কাল ৰূপ - শিলঘাট গৰাখহনীয়া

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে এসময়ৰ শিলঘাট জাহাজ ঘাটৰ বিস্তীৰ্ণ এলেকা , অশোকাষ্টমী মেলা পথাৰ আৰু শতায়ু গৰকা গছ ৷ ১৯৩৫ চনতে বৃটিছে স্বীকৃতি দিয়া শিলঘাট টাউন এতিয়া ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াৰ কবলত । বৃটিছে পতা জাহাজঘাটৰ অস্তিত্ব এতিয়া নাই।

Kaliabor
কলিয়াবৰ
author img

By

Published : Jul 31, 2020, 1:57 PM IST

কলিয়াবৰ, 31 জুলাইঃ কলিয়াবৰত দ্ৰুতগতিত খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। বিগত এসপ্তাহ ধৰি অব্যাহত থকা গৰা খহনীয়াই শিলঘাটৰ ৰবৰবাৰী অঞ্চলত কালৰূপ ধাৰণ কৰিছে। নিতৌ চপৰা-চপৰে খহিছে লুইতৰ পাৰ। অসম সমবায় মৰাপাট কলৰ সমুখৰ অশোকাষ্টমী মেলা পথাৰৰ ভালে অংশ ব্ৰহ্মপুত্ৰৰৰ খহনীয়াত জাহ গৈছে। লগতে জাহ গৈছে শিলঘাটৰ জাহাজঘাটৰ বিস্তীৰ্ণ এলেকা। অঞ্চলটোত গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে পাৰ্কুপাইনৰ ব্যৱস্থা কৰি আহিছে যদিও অঞ্চলটোত ৰোধ হোৱা নাই গৰাখহনীয়াৰ প্ৰকোপ।

কলিয়াবৰ

লগতে পঢ়কঃ মৰিয়নীত পুনৰ 16 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগৰ প্ৰায় এক কোটি পঞ্চাশ লাখ টকাৰ পাৰ্কুপাইনৰ আঁচনিক অসাৰ প্ৰতিপন্ন কৰি শিলঘাটৰ আৰু ৰবৰবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব‍্যাহত আছে। স্থানীয় বাসিন্দাই জনোৱা মতে, শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে বাৰিষাৰ আগতে শিলঘাট আৰু ৰবৰবাৰীত পাৰ্কুপাইন পেলাইছিল যদিও আশা কৰা মতে খহনীয়া ৰোধ নহ'ল।

এক কোটি পঞ্চাশ লাখ টকাৰ পাৰ্কুপাইনৰ কাম ঠিকাদাৰে নিয়াৰিকৈ নকৰাৰ ফলত এইবেলি পূৰ্বতকৈ খহনীয়াৰ পৰিমাণ বাঢ়িছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । আনহাতে, শতায়ু গৰকা এজোপা জৰিগছ ব্ৰহ্মপুত্ৰ বুকুত জাহ যোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ পাৰত পূজা-অৰ্চনা আগবঢ়াইছে নৈ-পৰীয়া ৰাইজে। বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচাই ব্ৰহ্মপুত্ৰক শান্ত কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ পাৰত ভগৱানৰ শৰণাপন্ন হৈছে ৰবৰবাৰী গাঁৱৰ নৈ-পৰীয়া ৰাইজ । উল্লেখ্য যে, খোদ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ নিজ সমষ্টিত এতিয়া ৰাইজে খহনীয়া ৰোধৰ বাবে শৰণাপন্ন হ'ব লগাত পৰিছে ইশ্বৰৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.