ETV Bharat / state

কপিলী-বৰপানীৰ খহনীয়াই ভাবুকি মাতিছে কামপুৰলৈ - মঠাউৰি নিৰ্মানত হেমাহি

কপিলী নদীয়ে কামপুৰৰ বকুলগুৰিত আৰু বৰপানী নদীয়ে কচুৱা ৰমণী পথাৰত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে । প্ৰতিজন বিধায়কে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু আজি পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে কোনো এজন বিধায়কে । ফলত আতংকত দিন কটাইছে ৰাইজে ।

erosion-at-kapili-and-barpani-river
গৰাখহনীয়াৰ কৱলত কপিলী - বৰপানী নদী
author img

By

Published : Jul 5, 2021, 10:28 AM IST

বঢ়মপুৰ, 5 জুলাই : বাৰিষা সমাগত ৷ উন্মুক্ত ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি ৷ বাৰিষাৰ আৰম্ভণিতে নদ-নদীসমূহৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ নগাঁও জিলাৰ কামপুৰত সৃষ্টি হৈছে কপিলী আৰু বৰপানী নদীৰ ব্যাপক খহনীয়া ।

কপিলী নদীয়ে কামপুৰৰ বকুলগুৰিত আৰু বৰপানী নদীয়ে কচুৱা ৰমণী পথাৰত সৃষ্টি কৰিছে ব্যাপক খহনীয়াৰ । যি কোনো মুহুৰ্তত বৰপানী নদীৰ খহনীয়াত জাহ যাব পাৰে মছজিদ, ৰাজপথকে ধৰি বৃহত্তৰ এক অঞ্চল । প্ৰতিজন বিধায়কে খহনীয়া প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু আজি পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে কোনো এজন বিধায়কে ।

ফলত এতিয়া আতংকত দিন কটাইছে স্থানীয় ৰাইজে ৷

কপিলী-বৰপানীৰ খহনীয়াই ভাবুকি মাতিছে কামপুৰলৈ

ৰাজ্যত কৰ’ণা মহামাৰীৰ সমান্তৰালকৈ ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে বান-খহনীয়া পৰিস্থিতি ৷ বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে ৷ প্ৰতিবছৰে বিভিন্ন মন্ত্ৰী তথা স্থানীয় বিধায়কসকলে বাৰিষাৰ পূৰ্বে নৈপৰীয়া ৰাইজৰ এই দুখ-দুৰ্দশাসমূহ নাইকীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

কিন্তু সময়ত সকলো ফুটুকাৰ ফেনতহে পৰিণত হয় ৷ সময়ে সময়ে মথাউৰি নিৰ্মাণত হেমাহি, জিঅ’ বেগ সংস্থাপনৰ নামত দুৰ্নীতি আদিৰ বাতৰিয়ে শিৰোনাম দখল কৰে ৷ ৰাজ্যৰ পৰা দুৰ্নীতি নাইকীয়া কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: সুলভ মূল্যৰ কেৰাচিন চুৰ কৰি আৰক্ষীৰ জালত সমবায় সমিতিৰ সচিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.