ETV Bharat / state

বামুণী পাহাৰ কাণ্ড সন্দৰ্ভত ছুইজাৰলেণ্ডৰ পৰিৱেশকৰ্মীৰ প্ৰতিক্ৰিয়া

বামুণী পাহাৰত হোৱা হাতীৰ মৃত্যু সন্দৰ্ভত ছুইজাৰলেণ্ডৰ বিশিষ্ট পৰিৱেশকৰ্মী ব্ৰীগিট উট্টাৰ কৰ্নেটজ্কীৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্য়ৰ হাতী-মানুহৰ সংঘাতক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছে পৰিৱেশকৰ্মীগৰাকীয়ে ৷

author img

By

Published : May 17, 2021, 7:55 AM IST

environment-activist-brigitte-uttar-kornetzky-react
হাতীৰ মৃত্যু সন্দৰ্ভত ছুইজাৰলেণ্ডৰ পৰিৱেশকৰ্মীৰ প্ৰতিক্ৰিয়া

কলিয়াবৰ,17 মে’: নগাঁৱৰ বামুণী পাহাৰত চাৰিদিন পূৰ্বে হোৱা হাতীৰ মৃত্যুৱে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত ৷ এই চাঞ্চল্যকৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠন তথা প্ৰকৃতি প্ৰেমীসকলে ৷

বন্যহস্তীৰ মৃত্যুক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছুইজাৰলেণ্ডৰ এগৰাকী বিশিষ্ট পৰিৱেশকৰ্মী তথা হাতী অধ্যয়নৰ সৈতে জড়িত মহিলা ব্ৰীগিট উট্টৰ কৰ্নেটজ্কীয়ে ৷ এক ভিডিঅ’যোগে উক্ত ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে বিশিষ্ট পৰিৱেশ কৰ্মীগৰাকীয়ে ৷

ভিডিঅ’যোগে কৰ্নেটজ্কীয়ে কয় যে, অসমৰ হাতী-মানুহৰ সংঘাতৰ বিষয়ে সবিশেষ অধ্যয়ন কৰি বিস্তৃত তথ্যৰে এখন তথ্যচিত্ৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে পৰিৱেশকৰ্মী তথা তথ্যচিত্ৰ নিৰ্মাতা গৰাকী ৷ তথ্যচিত্ৰ নিৰ্মাতা ব্ৰীগিট উট্টৰ কৰ্নেটজ্কীয়ে ভাৰতৰ বিভিন্ন স্থানৰ লগতে অসমৰো হাতীৰ বিষয়ে ইতিমধ্যে অধ্যয়ন কৰিছে ।

লগতে পঢ়ক: মৰাণৰ দিৰৈ ঘাটত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.