ETV Bharat / state

Farming: প্ৰখৰ ৰ’দ মূৰত লৈ শাওণৰ পথাৰত খেতিয়কৰ সীমাহীন ব্যস্ততা

author img

By

Published : Jul 22, 2023, 5:25 PM IST

শাওণ মাহ খেতি আৰু খেতিয়কৰ দিন ৷ শাওণ মাহেই আঘোণৰ সোণালী পথাৰৰ সপোন ৰচাৰ সময় ৷ জাতীয় জীৱন সমৃদ্ধ কৰিবলৈ কৰ্মমুখী হোৱাৰ আহ্বান হাতে-কামে লাগি থকা এগৰাকী খেতিয়কৰ ৷

farmers in the paddy field of sawan month
শাওনৰ পথাৰত খেতিয়কৰ সীমাহীন ব্যস্ততা
শাওনৰ পথাৰত খেতিয়কৰ সীমাহীন ব্যস্ততা

কলিয়াবৰ, 22 জুলাই : বাৰিষাই আশাৰ বতৰা লৈ অনা গ্ৰাম্যাঞ্চলৰ প্ৰতিজন খেতিয়ক ব্যস্ত শাওণৰ পথাৰত । প্ৰখৰ ৰ’দকো নেওচি কৃষি পথাৰত সপোন ৰচিছে চহা খেতিয়কে । ৰাজ্যৰ আন প্ৰান্তৰৰ লগতে কলিয়াবৰৰ পথাৰতো ব্যস্ততা বাঢ়িছে খেতিয়কৰ । বাৰিষা নামিছে৷ চহা খেতিয়কৰ বুকুলৈয়ো নামি আহিছে বাৰিষাৰ ঢল ৷ চিকুণাই চহ কৰা বোকা মাটি ডৰাত ৰোৱনীৰ লাৱনি হাতে গুজি দিছে হেপাঁহৰ কঠীয়ামুঠি, কিয়নো শাওণতে অসমীয়াই সপোন ৰচে আঘোণৰ সোণোৱালী ধানৰ ৷

আজি আমি আপোনালোকলৈ আগবঢ়াইছো কলিয়াবৰৰ এজন বিশেষ ব্যক্তিৰ কাহিনী, যি শিক্ষকতা আৰু কৃষি কাৰ্য সমানে নিয়াৰিকৈ চলাই নিছে ৷ শিক্ষক পিতৃ-পিতামহৰ পথেৰে খেতি কৰ্মত নিয়োজিত হৈ পৰা ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই বছৰৰ বাৰ মাহে ভিন্ন খেতিত নিয়োজিত হৈ থাকে । সাধাৰণতে চৰকাৰী চাকৰি এটাৰ গৰাকী হ’লে খেতি-পথাৰলৈ পিঠি দিয়া স্বভাৱৰ বিপৰীতে ব্যতিক্ৰমী শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য ।

কলিয়াবৰৰ বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই পূৰ্বৰ দৰে এইবাৰো গৰমৰ বন্ধৰ দিনকেইটাত খেতি পথাৰত ব্যস্ত হৈ পৰিছে । তেওঁক এইক্ষেত্ৰত স্বইচ্ছাৰে সহায় কৰে সেই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অথবা জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে । এইবাৰো তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে তেওঁৰ বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰী ৷ পথাৰত ভূঁই ৰুই সহায় কৰাত ব্যস্ত কেইগৰাকীমান ছাত্ৰী ।

পিচপৰা বামুণী অঞ্চলৰ বড়ো, কাৰ্বি, চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ শিক্ষকগৰাকীয়ে গৰমৰ বন্ধত খেতি-কৰ্ম কৰাৰ লগতে উপাৰ্জনৰ এক পথো দেখুৱাবলৈ সক্ষম হৈছে । উপদেশতকৈ আৰ্হি ভাল চিন্তা আগত ৰাখি ধোদ জন্ম দিয়া চৰকাৰী বিভিন্ন আঁচনিৰ কুপ্ৰভাৱৰ ফলত চন পৰি ৰোৱা পথাৰ সেউজ কৰাৰ আহ্বান জনাইছে শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : Farmers busy Planting Paddy in Assam: শাওণৰ পথাৰত এতিয়া সীমাহীন ব্যস্ততা ৰাজ্যৰ চহা খেতিয়কৰ; পথাৰত ভুঁই ৰোৱাত ব্যস্ত ৰোৱনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.