কলিয়াবৰ, ৬ নৱেম্বৰ : অহা বছৰৰ জানুৱাৰীত কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ'ব । লগে লগে আৰম্ভ কৰা হ'ব ইয়াৰ কামো । কিন্তু এলিভেটেড ৰোড প্ৰকল্পটোৰ কাম আৰম্ভ কৰাৰ পূৰ্বে কিছু আশংকা প্ৰকাশ প্ৰকৃতিপ্ৰেমীসকলৰ ৷
প্ৰকৃতি আৰু পৰিৱেশ সচেতক ভূপেন শৰ্মাই উল্লেখ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমায়েদি নিৰ্মাণৰ পৰিকল্পনা কৰা এলিভেটেড কৰিড’ৰ (উৰণ সেতু) বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নহৈ ই বিনাশৰ কাৰণহে হ’ব ৷ এই সেতু নিৰ্মাণৰ বাবে কমেও দহ বছৰ সময় লগাৰ সম্ভাৱনা আছে ৷

এই সম্ভাৱনা থকালৈ চাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰৰ পৰা কাৰ্বি পাহাৰলৈ, কাৰ্বি পাহাৰৰ পৰা কাজিৰঙালৈ নিয়মীয়া (দৈনিক আৰু ঋতুকালীন) অহা-যোৱা জীৱ-জন্তুসমূহে বাধাৰ সন্মুখীন হ'ব । বিশেষকৈ বানৰ সময়ত আশ্ৰয়ৰ বাবে কাৰ্বি পাহাৰলৈ গতি কৰা জীৱ-জন্তুৰ কি অৱস্থা হ'ব সেই লৈ চৰকাৰী পক্ষই কি চিন্তা কৰিছে বুলি মন্তব্য কৰে প্ৰকৃতি আৰু পৰিৱেশ সচেতক ভূপেন শৰ্মাই ৷ এই সন্দৰ্ভত চৰকাৰে অসমবাসীক অন্ধকাৰত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে ।
আনহাতে, এই উৰণ সেতুৰ বাবে পাহাৰ কাটিলে উদ্যানত পৰিব পৰা প্ৰভাৱৰো অধ্যয়ন নাই । সেতু নিৰ্মাণ কালত বন্যপ্ৰাণীয়ে চিনাকি কৰিড’ৰ নাপালে কি আচৰণ কৰিব, তাৰো অধ্যয়ন নাই । এনে পৰিস্থিতিত কাজিৰঙাৰ আশে-পাশে থকা জনাঞ্চলত বন্যপ্ৰাণীৰ আহ-যাহ পূৰ্বতকৈ আৰু অধিক ৰূপত বৃদ্ধি পাব । ফলস্বৰূপে বন্যপ্ৰাণী আৰু জনাঞ্চলৰ লোক উভয়ে বিপদত পৰিব । সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে প্ৰকৃতি আৰু পৰিৱেশ সচেতক ভূপেন শৰ্মাই ৷

শেহতীয়াকৈ, কেন্দ্ৰীয় পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কোৱা মতে, ইতিমধ্যে লোকনিৰ্মাণ বিভাগে তৈয়াৰ কৰা সেতুৰ Detailed Project Report নাকচ হৈছে আৰু নতুন DPR হৈছে । অৰ্থাৎ, আমি কোনেও নেজানো সেতু নিৰ্মাণ কেনেকৈ হ'ব ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সন্দৰ্ভত সততে চিন্তা কৰি উপাৰ্জনৰ পথ উলিওৱা বিশেষ ব্যক্তি, প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী সংস্থাৰ পৰা সেতু সন্দৰ্ভত বিশেষ প্ৰতিক্ৰিয়া নথকা লৈ চাই বিষয়টো ৰহস্যঘন হৈ উঠিছে বুলিও তেওঁ মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক : Nitin Gadkari in Guwahati: ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ কাষেৰে ৰিং ৰোড; কাজিৰঙাত এলিভেটেড ৰোড সকলো হ’ব; গাডকাৰী