ETV Bharat / state

চামগুৰিত নিশা বন্যহস্তীৰ উপদ্ৰৱ - ELEPHANT TERROR IN VILLAGE AREA

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান চামগুৰিৰ গেন্ধালি ভকতগাঁওবাসী । নিশা হ'লেই বন্যহস্তীয়ে উপদ্ৰৱ চলায় গাঁওখনত । সোমবাৰে নিশা এগৰাকী মহিলাৰ পাকঘৰ লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে ।

ELEPHANT TERROR AT SAMAGURI
চামগুৰিত নিশা বন্যহস্তীৰ উপদ্ৰৱ
author img

By

Published : Aug 17, 2021, 3:36 PM IST

চামগুৰি, ১৭ আগষ্ট : বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি ভকতগাঁওবাসীৰ । সোমবাৰে নিশা বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে গাঁওখনৰ এগৰাকী মহিলাৰ ঘৰৰ পাকঘৰ । খাদ্যৰ সন্ধানত নিশা এটা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰে । তাৰ পিছত দীপা ডেকা নামৰ মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি ৰান্ধনি ঘৰ তচনচ কৰে ।

চামগুৰিত নিশা বন্যহস্তীৰ উপদ্ৰৱ

সেই সময়ত মহিলাগৰাকী ঘৰৰ ভিতৰতে শুই আছিল । হাতী অহাৰ উমান পাই কোনো মতে মহিলাগৰাকী পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতেই বন্যহস্তীটোৱে গাঁওখনৰ সমীপৰে জংঘলত আশ্ৰয় লয় । পুনৰ বনহস্তীয়ে গাঁওখনত উপদ্ৰৱ চলাব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ইফালে, বহু চেষ্টা কৰিও পাঁচজনীয়া বন্যহস্তীৰ এটা জাকক বন বিভাগৰ লোকে অঞ্চলটোৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ।

বন বিভাগে আতচবাজী ফুটাই হাতী খেদাৰ চেষ্টা কৰি আছে যদিও নিতৌ ব্যৰ্থ হোৱাত সংশ্লিষ্ট বিভাগটোৰ কামত অসন্তুষ্ট হৈ পৰিছে স্থানীয় লোকসকল । উপায়হীন হৈ বন বিভাগক ঘৰচীয়া হাতীৰ সহায়ত বন্যহস্তীকেইটাক পাহাৰলৈ খেদি পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে ৰাইজে ।

উল্লেখ্য যে, চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱৰ সমস্যা কোনো নতুন সমস্যা নহয় । চামগুৰিৰ বিভিন্ন অঞ্চলত প্ৰায়েই বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰে । স্থানীয় ৰাইজে হাতী খেদিবলৈ নিজে প্ৰয়াস কৰে যদিও হাতীয়ে বাৰে বাৰে গ্ৰামাঞ্চলত প্ৰৱেশ কৰে । আনহাতে, বন বিভাগৰ লোক কিছুমান অঞ্চলৰ পৰা হাতী খেদিবলৈ সক্ষম হৈছে যদিও এতিয়াও বহু অঞ্চলত হাতীয়ে নিতৌ উপদ্ৰৱ চলায় । ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে এনে অঞ্চলৰ ৰাইজে ।

লগতে পঢ়ক : মহাৰজত জয়ন্তী বৰ্ষত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.