ETV Bharat / state

নগাঁৱৰ বামুনীত উদ্ধাৰ আঘাতপ্ৰাপ্ত পোৱালি হাতী

নগাঁৱৰ বামুনীৰ তপতজুৰিত বন বিভাগৰ তৎপৰতাত উদ্ধাৰ কৰা হয় এটা আঘাতপ্ৰাপ্ত পোৱালি হাতী ৷ হাতীৰ জাকৰ মাজত যুঁজ লাগি দ খাৱৈত বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতীটো ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে হাতীটো ৷

আঘাতপ্ৰাপ্ত পোৱালি হাতী
আঘাতপ্ৰাপ্ত পোৱালি হাতী
author img

By

Published : Dec 21, 2020, 10:00 PM IST

নগাঁও, 21 ডিচেম্বৰ : নগাঁৱৰ বামুনীৰ তপতজুৰিত অসহায় অৱস্থাৰ সন্মুখীন হয় এটি আঘাতপ্ৰাপ্ত পোৱালি হাতী ৷ হাতীৰ জাকৰ মাজত যুঁজ লাগি দ খাৱৈত বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পোৱালি হাতীটো ৷ অসহায় অৱস্থাত চিৎকাৰ কৰি থকা হাতীটো উদ্ধাৰৰ বাবে স্থানীয় লোকে বন বিভাগক অৱগত কৰে ৷

নগাঁৱৰ বামুনীত বন বিভাগৰ তৎপৰতাত উদ্ধাৰ আঘাতপ্ৰাপ্ত পোৱালি হাতী

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি, পৰৱৰ্তী সময়ত ঘটনাস্থলীত কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ প্ৰায় ২ ঘণ্টাৰ চেষ্টাৰ অন্তত দ খাৱৈটোৰ পৰা পোৱালি হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সংকটজনক অৱস্থাত উদ্ধাৰ কৰা পোৱালিটো হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে বন বিভাগে ৷ আঘাতপ্ৰাপ্ত হাতীটোক উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে ধাৰণা কৰিছে স্থানীয় লোকৰ লগতে বন বিভাগ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তলৈ আজমল ফাউণ্ডেচনৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.