ETV Bharat / state

তৎপৰতা বাঢ়িছে বিদ্যুতৰ গ্ৰাহকৰ; কিন্তু কিয় ?

author img

By

Published : Jul 17, 2021, 1:57 PM IST

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শনৰ পাছতেই তৎপৰ বিদ্যুতৰ একাংশ গ্ৰাহক ৷ বিদ্যুতৰ বিল দিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ভীৰ বাঢ়িছে গ্ৰাহকৰ ৷ বিদ্যতৰ বিল পৰিশোধ কৰাৰ নামত কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ লানি নিচিগা ভীৰ ৷

Electricity Bill Payment at Kaliabor
তৎপৰতা বাঢ়িছে বিদ্যুতৰ গ্ৰাহকৰ

কলিয়াবৰ, 17 জুলাই : সষ্টম হৈ উঠিছে ৰাজ্যৰ শক্তি বিভাগ ৷ অসৎ বিদ্যুৎ গ্ৰাহকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ প্ৰস্তুত হৈছে অসম শক্তি বিতৰণ কোম্পানীসমূহ ৷ কলিয়াবৰটো অসম শক্তি বিতৰণ কোম্পানীয়ে সক্ৰিয় ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷

বিভিন্ন সময়ত ৰাজ্যৰ শক্তি বিভাগৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহা পৰিলক্ষিত হৈছে ৷ কেতিয়াবা যদি বিদ্যুতৰ বিলৰ নামত বিসংগতি, কেতিয়াবা আকৌ বিদ্যুত থকা-নথাকাক লৈ সৃষ্টি হয় বিভিন্ন খাম-খিয়ালি ৷ কিন্তু ইয়াৰ মাজতে সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ বিদ্যুৎ বিভাগ ৷ বিশেষকৈ নতুন চৰকাৰৰ কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা যেন তীব্ৰবেগে গতি কৰিছে ৰাজ্যৰ শক্তি বিভাগে ৷

Electricity Bill Payment at Kaliabor
শক্তি বিভাগৰ শক্তি প্ৰদৰ্শন

নিয়মীয়াকৈ বিদ্যুতৰ মাচুল নিদিয়া সাধাৰণ জনসাধাৰণ, বাণিজ্যিক আৰু চৰকাৰী গ্ৰাহকৰ বিৰুদ্ধে শক্তি বিভাগক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৰাজ্য চৰকাৰে ৷ আনকি ঘৰে-ঘৰে গৈ বিদ্যুতৰ মাচুল নিদিয়া গ্ৰাহকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা কাৰ্যও পূৰ্ণ গতিত চলি আছে ।

বৈদ্যুতিক বিল পৰিশোধ নকৰা গ্ৰাহকৰ ঘৰে-ঘৰে শক্তি বিভাগে শক্তি প্ৰদৰ্শন কৰাৰ পাছতেই গ্ৰাহকৰ মানসিকতাৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হোৱা দেখা গৈছে । ফলস্বৰূপে বিদ্যুতৰ বিল পৰিশোধ কৰিবৰ বাবে বৈদ্যুতিক কাৰ্য্যালয়ত ভীৰ কৰিছেহি বহু গ্ৰাহকে । কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়তো বিদ্যুতৰ বিল পৰিশোধ কৰিবৰ বাবে ৰাইজে লগাইছে হেতা-ওপৰা । প্ৰতিদিনাই পুৱাৰে পৰা শাৰী পাতি থিয় দিয়েহি অঞ্চলটোৰ বহু গ্ৰাহকে । আনকি কাৰ্যালয়টোৰ ভিতৰে-বাহিৰে হাতে-হাতে বৈদ্যুতিক বিল লৈ এতিয়া গ্ৰাহকে ভীৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.