ETV Bharat / state

কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ এজন কাঠ মিস্ত্ৰীৰ মৃত্যু

ঘৰ মেৰামতি কৰি থকাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় এজন কাঠ মিস্ত্ৰীৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় ।

author img

By

Published : Apr 21, 2020, 1:58 PM IST

Updated : Apr 21, 2020, 4:02 PM IST

ETV BHARAT
কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ এজন কাঠ মিস্ত্ৰীৰ মৃত্যু

কলিয়াবৰ, 21 এপ্ৰিলঃ কলিয়াবৰত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ বিদ্যুৎস্পৃষ্ট হৈ এজন কাঠ মিস্ত্ৰীৰিৰ মৃত্যু ৷ মৃত লোকজনৰ নাম দিপাংকৰ বিশ্বাস ৷ কলিয়াবৰৰ বৰভগীয়াত জীনা দেৱীৰ ঘৰ মেৰামতি কৰি থকাৰ সময়ত দুৰ্ভাগ‍্যজনকভাৱে বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় এজন কাঠ মিস্ত্ৰী। লগতে আহত হয় আন এজন সহকৰ্মীৰ । মোৱামাৰীৰ দুয়ো শ্ৰমিকক ততাতৈয়াকৈ জখলাবন্ধা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দিপাংকৰ বিশ্বাসক মৃত ঘোষণা কৰে । আনজন শ্ৰমিক শংকৰ বিশ্বাস আহত হৈছে চিকিৎসাধীন হৈ আছে ৷ জীনা দেৱীৰ ঘৰৰ ওপৰ মহলাত চাৰিজন শ্ৰমিকে টিঙত গজাল মাৰি থকাৰ সময়তে ১১ কিলো ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হৈ মিস্ত্ৰী দুজন শোকাৱহ দুৰ্ঘটনা পতিত হয়। কোনোমতে আন দুজন শ্ৰমিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক- শিৱসাগৰত সেনা বাহিনীৰ অভিযানঃ আটক 1জন

Last Updated : Apr 21, 2020, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.