নগাঁও, 9 ডিচেম্বৰ : নগাঁও জিলাত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ দহটাকৈ সমষ্টিৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে দলীয় নেতা কৰ্মীয়ে । কিন্তু প্ৰচাৰৰ নামত নগাঁৱত নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰিছে একাংশ প্ৰাৰ্থী আৰু সমৰ্থকে ।
নগাঁৱৰ পুখুৰী পাৰ তিৱা স্বায়ত্বশাসিত পৰিষদ এলেকাত কংগ্ৰেছ প্ৰাৰ্থী ৰূপামণি শইকীয়া ডেকা আৰু বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰে চলাইছে ব্যাপক প্ৰচাৰ ৷ কিন্তু প্ৰচাৰৰ নামত কংগ্ৰেছ, বিজেপি দুয়োগৰাকী প্ৰাৰ্থীয়ে প্ৰচাৰৰ পোষ্টাৰিং কৰিছে বিদ্যুতৰ খুঁটাত ।
অৰ্থাৎ পৰিষদীয় এলেকাটোৰ জলময়গাঁৱকে ধৰি বিভিন্ন এলেকাৰ বিদ্যুতৰ খুঁটাত পোষ্টাৰিং কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে দুয়োগৰাকীৰ প্ৰাৰ্থীৰ সমৰ্থকে । এই ক্ষেত্ৰত সাংবাদিকে প্ৰশ্ন কৰাত কেমেৰাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰে ৷
লগতে পঢ়ক:মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ