ETV Bharat / state

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ প্ৰদান আন্তৰ্জাতিক সন্মান

author img

By

Published : Aug 6, 2020, 6:23 PM IST

সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত হৈছিল আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা "আৰ্থ ডে নেটৱৰ্ক"। চলিত বৰ্ষত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ দুলু বৰাই লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মান ৷

Earth day star dulu bora story nagaon assam etv bharat special news
বিনোদ দুলু বৰালৈ প্ৰদান আন্তৰ্জাতিক সন্মান

নগাঁও,6 আগষ্ট: এগৰাকী বিশেষ যুৱক যাৰ নাম বিনোদ দুলু বৰা ৷ সময়-অসময় নাই, প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে নগাঁৱৰ এই যুৱকজনে ৷ কেতিয়াবা যদি বিষাক্ত সাপ উদ্ধাৰ কৰি বনাঞ্চলত মেলি দিছে, কেতিয়াবা দুস্প্ৰাপ্য লাজুকী বান্দৰ, অজগৰ, ফেঁচা, ৰজাফেঁটী সাপ, বৰটোকোলাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী উদ্ধাৰ কৰিছে ৷ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবেও বিনোদ দুলু বৰাই গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷ যুৱকজনৰ এই নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বাবে বিশ্বৰ আগশাৰীৰ প্ৰকৃতি সুৰক্ষা সংস্থা আৰ্থ দে নেটৱৰ্কে প্ৰদান কৰা আৰ্থ ডে নেটৱৰ্ক ষ্টাৰ সন্মানৰে সন্মানিত হয় ৷

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰা বিনোদ দুলু বৰাৰ ঘৰ নগাঁৱৰ চাপানলাত ৷ আন্তৰ্জাতিক পৰ্যায়ত প্ৰদান কৰা এই সন্মান লাভ কৰি উৎফুল্লিত দুলু বৰা ৷ সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত হৈছিল আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা "আৰ্থ ডে নেটৱৰ্ক"। চলিত বৰ্ষত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ দুলু বৰাই লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মান ৷

উল্লেখ্য যে, "গ্ৰীণ গাৰ্ড নেশ্চাৰ অৰ্গেনাইজেচন"-ৰ এজন বিশেষ সদস্য হিচাপে ২০১২ চনত চেঞ্চুৰী এছিয়াই টাইগাৰ ডিফেণ্ডাৰ, ২০১৪ চনত চেঞ্চুৰী নেশ্চাৰ ফাউণ্ডেশ্যনে ৱাইল্ড লাইফ ছাৰ্ভিচ এৱাৰ্ড আৰু শেহতীয়াকৈ হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে হাতীবন্ধু নামৰ আন এটি স্বেচ্ছাসেৱী সংস্থাৰ এজন সদস্য হিচাপে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখলি ৰংহাং গাঁৱৰ ৰাইজে কৰা কৃষিকাৰ্যৰ সামগ্ৰিক পৰিকল্পনা কৰাৰ বাবে ২০১৯ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা সামূহিক কৰ্ম বঁটা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক দুলুৱে ।

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ প্ৰদান আন্তৰ্জাতিক সন্মান

লগতে চাওকঃ শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.