কলিয়াবৰ, 6জুন : দেশত এতিয়া মহামাৰী ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিশেষ তৎপৰতা গ্ৰহণ কৰি আহিছে ৷ তাৰমাজতে দেওবাৰে ১০০ খন বিচনাযুক্ত নৱ-নিৰ্মিত জখলাবন্ধা হাস্পতালত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী গৰাকী ৷ চিকিৎসালয়খনত উপস্থিত হৈ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সমাপ্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকী ।
আনহাতে, পুৰণি জখলাবন্ধা হাস্পতালৰ কাম-কাজৰ বুজ লোৱাৰ লগতে হাস্পতালখন উন্নত কৰাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । পুৰণি হাস্পতালখনক শীঘ্ৰেই নতুন ৰূপ দিয়াৰ ইংগিত প্ৰদান স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।
ইপিনে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে হোজাইত কৰ্মৰত অৱস্থাত জনতাৰ আক্ৰমণৰ বলি হোৱা চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্য উন্নত হোৱাৰ পাচত তেওঁৰ পৰিয়ালে সেনাপতিৰ কৰ্মস্থান য’ত বিচাৰে তাতে নিয়োগ কৰা হ’ব বুলি সদৰি কৰে । একেদৰে নতুনকৈ GMCত ২০০ বিচনাযুক্ত আৰু সৰুসজাইজত ৩০০ বিচনাযুক্ত ক’ভিড হাস্পতাল নিৰ্মাণৰ কাম অতিশীঘ্ৰে আৰম্ভ হ’ব বুলি সদৰি কৰে ।