ETV Bharat / state

নগাঁৱত 80 লাখ টকা মূল্যৰ হেৰ’ইন জব্দ, আটক 4 সৰৱৰাহকাৰী

author img

By

Published : Oct 20, 2021, 5:07 PM IST

নগাঁৱত জব্দ 80 লাখ টকা মূল্যৰ হেৰ’ইন ৷ বুধবাৰে পুৱতি নিশা ৰহাৰ চাপৰমুখ ৰ’ল ষ্টেচনত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷

A_RAHA_801_802 PIC_803_804_805 VSL_DRUGS RECOVERED STORY_DIBYA BORTHAKUR_ASC10002
নগাঁৱত 80 লাখ টকা মূল্যৰ হেৰ’ইন জব্দ, আটক 4 সৰৱৰাহকাৰী

ৰহা, 20 অক্টোবৰ : নগাঁৱত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনক ড্ৰাগছমুক্ত কৰিবলৈ বদ্ধপৰিকৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও ৷ এই ধাৰাবাহিক অভিযানৰ মাজতে বুধবাৰে পুৱতি নিশা ৰহাৰ চাপৰমুখ ৰে’ল ষ্টচনত উদ্ধাৰ হয় 120 গ্ৰাম হেৰ’ইন ৷ জব্দকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় 80 লাখ বুলি জানিব পৰা গৈছে ৷

ডিমাপুৰৰ পৰা ৰে'লেৰে আহি থকা অৱস্থাতে ড্ৰাগছ সহ এগৰাকী মহিলাৰ লগতে তিনিজনকৈ লোকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ৰছিদুল হক, আইনুল হক, ৱাদিকুল ইছলাম আৰু চিতাৰা বেগম বুলি চিনাক্ত কৰা হৈছে ৷ আটাইৰে ঘৰ নগাঁৰ ধানভেটিত ৷

A_RAHA_801_802 PIC_803_804_805 VSL_DRUGS RECOVERED STORY_DIBYA BORTHAKUR_ASC10002
নগাঁৱত 80 লাখ টকা মূল্যৰ হেৰ’ইন জব্দ

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ড্ৰাগছ সৰৱৰাহকাৰী কেইটাৰ ভিতৰত আইনুল হক আছিল আৰক্ষীৰ ম’ষ্ট ৱান্টেড ৷ ইয়াৰ পূৰ্বেও আইনুলৰ বিৰুদ্ধে থানাত ৰুজু হৈ আছে গোচৰ ৷ এই কথা প্ৰকাশ কৰিছে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ধ্ৰুৱ বৰাই ৷

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ ভাষ্য

মুখ্যমন্ত্ৰীৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিক বাস্তবায়িত কৰাৰ বাবে দিনে নিশাই তৎপৰতাৰে কাম কৰিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে বহু ড্ৰাগছ সৰৱৰাহকাৰী আৰক্ষীৰ হাতত পৰিছে৷ ইয়াৰে বহু কেইজনক এনকাউন্টাৰো কৰা হৈছে ৷ কিন্তু ইয়াৰ পিছতো প্ৰতিদিনে ৰাজ্যত ভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে উদ্ধাৰ হৈ আছে মাৰাত্মক ড্ৰাগছ ৷

আৰক্ষীৰ তৎপৰতাৰ পিছতো ড্ৰাগছ উদ্ধাৰৰ ঘটনাই এয়াই সূচাইছে যে, এই ক’লা সাম্ৰাজ্যৰে জড়িত ৰৌ-বৰালি এতিয়াও মুকলি আকাশৰ তলত ৷ তেনে স্থলত মুখ্যমন্ত্ৰীৰ নিচামুক্ত অসম গঢ়াৰ সপোনটোলৈ এতিয়াও যেন বহু যোজন বাট ৷

লগতে পঢ়ক : আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.