কলিয়াবৰ,20 জুলাইঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ দেওবাৰে জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী।
দেওবাৰে এই অভিযানকালত আৰক্ষীৰ দলে ড্ৰাগছৰ লগতে অন্যান্য সামগ্ৰীও জব্দ কৰে। গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীৰ দুজনক চামগুৰিৰ বৰমাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনক কুঠৰীৰ হাৰমতীৰ পৰা গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়কঃ বান বিভীষিকা: ৰাজ্যত বানৰ কবলত পৰি মৃত্য়ু 84 গৰাকীৰ