ৰূপহীহাট ,23 এপ্ৰিল : ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত চামধৰা চাৰিআলিত জুৰীয়া আৰক্ষীয়ে চলোৱা এক অভিযানত এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ। ধৃত ড্ৰাগছ ব্যৱসায়ীজন জুৰীয়া কলনিজলাহ গাঁৱৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে |
উল্লেখযোগ্য় যে, দীৰ্ঘদিন ধৰি ধৃত ছাইদুল ইছলামে জুৰীয়াকে ধৰি ইয়াৰ দাতি কাষৰীয়া অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ এখন ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । অৱশেষত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নিষিদ্ধ ড্ৰাগছ সহ আটক কৰে ছাইদুলক ।
লগতে পঢ়ক : চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ তদন্তৰ দাবী এজেৱাইচিপিৰ