ETV Bharat / state

ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া ইমাদাদুল হক - ৰূপহীহাট আৰক্ষী

ৰূপহীহাট আৰক্ষীৰ লগতে জুৰীয়া আৰক্ষীৰ ধাৰাবাহিক অভিযানত ড্ৰাগছসহ আটক এজনক । জুৰীয়াৰ বলিকটীয়াৰ পৰা আটক ড্ৰাগছ মাফিয়াজনক ।

drugs mafia
ৰূপহীহাট আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া
author img

By

Published : May 23, 2021, 11:02 AM IST

ৰূপহীহাট, ২৩ মে': আনন্দ মিশ্ৰৰ যোগদানৰ পিচতে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী । নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আই পি এছ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়েও । ৰূপহীহাট আৰক্ষীৰ লগতে জুৰীয়া আৰক্ষীয়ো সষ্টম হৈ উঠিছে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ।

drugs mafia
ৰূপহীহাট আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া

শনিবাৰে জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ হয় বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । লগতে এই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কুখ্যাত ড্ৰাগছ মাফিয়া এজনক আটক কৰিবলৈ সক্ষম হয় । নিশা এক গোপম সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে ইমাদাদুল হক নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াটোক জুৰীয়াৰ বলিকটীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ৪০ হেজাৰ বুলি অনুমান কৰা হৈছে । সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত ইমাদাদুল হকক আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে । ইমাদাদুল হকৰ স্বীকাৰোক্তিত কেতবোৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.