নগাঁও,4 মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান ৷ বুধবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ বুধবাৰে নিশা নগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ লগতে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক হেৰাপট্টিৰ আব্দুল ৰফিক আৰু মেহদি আলম বুলি চিনাক্ত কৰা হৈছে ৷
![নগাঁৱত হেৰ'ইনসহ আটক দুই ড্ৰাগছ ব্যৱসায়ী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10861537_pc2.jpg)
উল্লেখ্য যে, এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে এএছ 01 ডব্লিউ 1036 নম্বৰৰ টাটা ইণ্ডিগ’ চি এছ বাহনেৰে নিষিদ্ধ ড্ৰাগছখিনি সৰবৰাহৰ সময়তে বুধবাৰে নিশা আৰক্ষীৰ জালত পৰে ৷ নগাঁৱৰ বকুলতল তিনি আলিৰ পৰা আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বাহনখনো জব্দ কৰিবলৈ সক্ষম হয় ৷
![নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10861537_pc.jpg)
ধৃত আব্দুল আৰু মেহদি আলমে দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল । দুই ড্ৰাগছ ব্যৱসায়ী আটক হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে নগাঁওবাসীয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই