নগাঁও, 24 ছেপ্টেম্বৰঃ নগাঁৱ চহৰত বিগত এসপ্তাহ ধৰি অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ মঙলবাৰে পৃথকে পৃথকে চলোৱা অভিযানত সদৰ আৰক্ষীয়ে জব্দ কৰে বৃহ পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে বহু পৰিমাণৰ নিচাজাতীয় ঔষধ ৷ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত পানিগাওঁ চাৰিখুটিত অভিযান চলাই আৰক্ষীয়ে 137 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে গোলাপ উদ্দিন নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ তাৰে আন এজন মূল অভিযুক্ত নজৰুল ওৰফে কালুৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে ৷
ইফালে একেদিনাই চহৰখনৰ ছোটহয়বৰ অঞ্চলটো অভিযান চলাই নগাঁও সদৰ আৰক্ষীৰ দলে,য'ত নিষিদ্ধ নিচাজাতীয় ঔষধ বিক্ৰীৰ অভিযোগত দ্বীপন পাল নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে ৷ উল্লেখযোগ্য যে,যোৱা এটা সপ্তাহে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷