ETV Bharat / state

নগাঁৱত ড্ৰাগছ আসক্ত যুৱকক উত্তম-মধ্যম শোধালে ৰাইজে

author img

By

Published : Jan 11, 2021, 4:44 PM IST

নগাঁৱত ড্ৰাগছ সেৱনৰ বাবে চিৰিঞ্জ কিনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল এজন যুৱক । এখন গেলামালৰ দোকানৰ পৰা চিৰিঞ্জ ক্ৰয় কৰি থাকোতেই হাতে-লোটে ধৰি লপা-থপা দিলে ৰাইজে । পিছত ৰাইজে গেলামালৰ দোকানীজন আৰু ড্ৰাগছ আসক্ত যুৱকজনক গতালে আৰক্ষীক ।

নগাঁৱত ড্ৰাগছ সেৱনৰ বাবে চিৰিঞ্জ কিনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল যুৱক

নগাঁও, ১১ জানুৱাৰী: ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ থকাৰ সমান্তৰালকৈ ৰাইজো সজাগ হৈছে । সোমবাৰে নগাঁও চহৰৰ ভূঞাপট্টিৰ এখন গেলামালৰ দোকানৰ পৰা ড্ৰাগছ সেৱনৰ বাবে চিৰিঞ্জ ক্ৰয় কৰাৰ সময়তে স্থানীয় ৰাইজে কৰায়ত্ত কৰে এজন ড্ৰাগছ আসক্ত যুৱকক । ৰাইজে যুৱকজনৰ পৰা হিৰ'ইন আৰু চিৰিঞ্জ জব্দ কৰে । লগতে হবিব নামৰ গেলামালৰ দোকানীজনকো কৰায়ত্ত কৰে ।

ইয়াৰ পিছতে ৰাইজে দুয়োকে উত্তম-মধ্যম শোধাই আৰু নগাঁও আৰক্ষীক গতাই দিয়ে । শেহতীয়াকৈ জিলাখনত নিচাযুক্ত ব্যৱহাৰ কৰি বহু যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গতি কৰিছে । একাংশ অসাধু লোকে প্ৰাণনাশী ড্ৰাগছ বিলাই যুৱক-যুৱতীসকলৰ জীৱন শেষ কৰাৰ পৰিকল্পনা কৰিছে । সেয়ে, আৰক্ষীৰ সমান্তৰালকৈ এতিয়া ৰাইজো সজাগ হৈছে ।

লগতে পঢ়ক:গুৱাহাটীৰ মাজমজিয়াত ঘৰৰ গ্ৰীল ভাঙি চোৰৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.