নগাওঁ,22 জুন: ড্ৰাগছৰ বিৰোধী অভিযানত নগাওঁ আৰক্ষীৰ বৃহৎ সফলতা। নগাওঁ ৰেল ষ্টেচনৰ সমীপৰ পৰা অভিযান চলাই আৰক্ষীৰ এটা বৃহৎ দলে জব্দ কৰিলে কেইবাকোটি টকাৰ মূল্যৰ হিৰোইন। ব্যৱসায়টোৰে জড়িত এজন লোকক আটক কৰিবলৈয়ো সক্ষম হয় নগাওঁ আৰক্ষী।
নগাওঁ চহৰৰ বিভিন্ন প্ৰান্তত চলি আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে নগাওঁ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক সদৰ মানস শইকীয়া, বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ লগতে কেইবাজনো আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলালে নগাওঁ ৰেল ষ্টেচনৰ সমীপৰ টিংকু আলী নামৰ এজন লোকৰ বাসগৃহত। বাসগৃহটোত অভিযান চলাই আৰক্ষীৰ দলটোৱে 9 কিলোগ্ৰাম হিৰোইন জব্দ কৰিবলৈয়ো সক্ষম হয় । জব্দ কৰা হিৰোইনখিনিৰ বজাৰ মূল্য 10 কোটি টকাৰো অধিক হ'ব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । একেটা অভিযানতে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ওজন কৰা যন্ত্ৰ, নগদ 50 হাজাৰৰো অধিক টকাৰ লগতে মহিলাৰ গহনা।
মহিলাৰ গহনাখিনি একাংশ লোকে ড্ৰাগছ সেৱন কৰিবলৈ বিক্ৰী কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি এই ব্যৱসায়ত জড়িত আছিল টিংকু আলীৰ ভাতৃ বাবলু হাজৰিকাৰ লগতে পৰিয়ালটোৰ মহিলা সদস্যয়েও। আৰক্ষীয়ে টিংকু অলীক আটক কৰিবলৈ সক্ষম হয় যদিও ব্যৱসায়টোৰে জড়িত আন অভিযুক্তকেইজনো পলাই সাৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই শংকৰব্ৰত ৰায় মেধিয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গঠন কৰিছিল স্পেচিয়েল অপাৰেচন টিম চমুকৈ এছ অ টি। বিগত কিছুদিনত কেবাটাও ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছিল এই বিশেষ অভিযানকাৰী দলটোৱে। শনিবাৰে কেবাকোটি টকা মূল্যৰ হিৰোইন জব্দ কৰি বৃহৎ সফলতা অৰ্জন কৰিলে নগাওঁ আৰক্ষীয়ে।