ETV Bharat / state

নাম-ইতিহাস সলনি কৰাৰ বিজেপিৰ প্ৰৱণতাক নকল কৰিছে মুখ্যমন্ত্রীয়ে: আছু - AASU PRESIDENT UTPAL SARMA

কৰিমগঞ্জৰ নাম সলনি কৰাৰ লগে লগে জিলাখনৰ ৰাইজে ৰন্ধন গেছ ৪০০ টকাত পাব নেকি ? প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ ৷

AASU PRESIDENT UTPAL SARMA
নাম-ইতিহাস সলনি কৰাৰ বিজেপিৰ প্ৰৱণতাক নকল কৰিছে মুখ্যমন্ত্রীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 10:39 PM IST

Updated : Nov 20, 2024, 10:53 PM IST

গুৱাহাটী: ৰাজ্যৰ কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি "শ্ৰীভূমি জিলা" কৰাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াক সমৰ্থন কৰাৰ সমান্তৰালকৈ বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । তেওঁ কয় - "চৰকাৰখন কিছুমান অদৰকাৰী কথাত ব্যস্ত থকাৰ এইবোৰ হৈছে একো একোটা কৌশল ।

নাম আৰু ইতিহাস সলনি কৰাৰ বিজেপিৰ প্ৰৱণতাক নকল কৰিছে মুখ্যমন্ত্রীয়ে (ETV Bharat Assam)

জিলাখনৰ নাম মুখ্যমন্ত্ৰীয়ে সলনি কৰাৰ লগে লগে জিলাখনৰ ৰাইজে ৰন্ধন গেছ ৪০০ টকাত পাব নেকি ? এতিয়াৰে পৰা জিলাখনৰ মানুহে টোলগেটৰ কৰৰ পৰা মুক্তি পাব নেকি ? নামটো সলনি কৰাৰ লগে লগে জিলাখনৰ যাতায়াত ব্যৱস্থা সুচল হৈ যাব নেকি ? মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পাব নেকি ? মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড যদি উন্নত নহয় তথা মানুহৰ প্ৰাথমিক প্ৰয়োজন পূৰণ নহয় তেন্তে নাম সলনিৰ ৰাজনীতি কৰিলে কি হ'ব । কোনো ধৰণৰ উত্তৰণ নহয় ।

লগতে পঢ়ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ

গুৱাহাটীৰ জি এছ ৰোড আৰু এ টি ৰোডৰ নাম সলনি কৰিলে যদিও কোনেও বেলেগ নামেৰে কৈ পোৱা নাই । কালাপাহাৰৰ নাম সলনি কৰিলে যদিও সকলোৱে সেই নামেৰে জানে । নাম সলনি কৰি আছে যদিও বাস্তৱত প্ৰয়োগ হৈ আছে জানো ? আচলতে বিজেপিৰ ‘নাম আৰু ইতিহাস সলনি কৰা’ৰ প্ৰৱণতা সমগ্ৰ ভাৰততে আছে । তাকে অসমৰ মুখ্যমন্ত্ৰীয়ে নকল কৰিছে, তাত আৰু বেলেগ কথা একো নাই ।"

তেওঁ লগতে কয় - "অসমৰ বজাৰত এতিয়া জুই লাগি আছে আৰু সাধাৰণ মানুহে দুবেলা দুমুঠিৰ বাবে চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছে । সেই মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু মূল্য হ্ৰাস কৰাৰ দাবীত বিক্ষোভ সমদল বাহিৰ কৰা হৈছে । মূল্যবৃদ্ধিৰ বাবে ৰাজ্যখনৰ দুখীয়া মানুহে নিজৰ ভাতমুঠিৰ বাবে চিন্তা কৰিবলগীয়া হোৱাৰ সময়ত যোগান বিভাগৰ দায়িত্বত থকা অপদাৰ্থ-অকৰ্মণ্য মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা সন্দৰ্ভত কোনো উত্তৰ দিব পৰা নাই ।

মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁক প্ৰশ্ন সুধিলে তেওঁ মাত্ৰ কয় যে তেওঁ পত্নীৰ পৰাও গালি খাবলৈ আৰম্ভ কৰিছে । আমাৰ যোগান মন্ত্ৰীগৰাকীৰ প্ৰতি এইটোৱেই আহ্বান যে আপুনি মুখ্যমন্ত্ৰীৰ ওচৰত গৈ কওক যে আপুনি পত্নীৰো গালি খাই আছে আৰু ৰাইজৰো গালি খাই আছে । তেওঁক পদটোৰ পৰা আঁতৰাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীক কোৱাটো আমি বিচাৰিছো ।"

লগতে পঢ়ক: কৰিমগঞ্জ জিলাৰ নতুন নাম 'শ্ৰীভূমি জিলা'

Last Updated : Nov 20, 2024, 10:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.