নগাঁও, 26 জানুৱাৰী: ড্ৰাগছ বিক্ৰীৰ বাবে গৈ আছিল ডুমডুমীয়াৰ ছফিকুল । কিন্তু ৰাজপথত গণৰাজ্য দিৱস উপলক্ষে চলি আছিল আৰক্ষী আৰু চি আৰ পি এফৰ তালাচী অভিযান (Police alert for Republic Day)। ইয়াৰ মাজতে ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ছফিকুল । নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই সষ্টম হৈছে সিমানেই যেন একাংশই আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ।
বুধবাৰে পুনৰ ধিঙৰ কাছকাটি ৰজাবাৰীত আটক হয় কুখ্যাত ড্ৰাগছ পেডলাৰ ছফিকুল ইছলাম (Drugs peddler arrested in Dhing)। ডুমডুমীয়া আৰক্ষী আৰু চি আৰ পি এফৰ ৩৪ বেটেলিয়নে গণৰাজ্য দিৱসটিক লৈ তালাচী চলোৱাৰ সময়তে ছফিকুলে নিষিদ্ধ ড্ৰাগছখিনি বিক্ৰীৰ বাবে লৈ যাওঁতে ৰজাবাৰিত হাতে-লুটে আটক কৰে আৰক্ষী আৰু চি আৰ পি এফৰ দলটোৱে ।
আটকাধীন ছফিকুলৰ পৰা তিনিটা চাবোনৰ বাকচৰ পৰা ৩৬.০৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে তালাচী অভিযান চলোৱা দলটোৱে । জানিব দিয়া মতে দীৰ্ঘদিন ধৰি ছফিকুলে ডুমডুমীয়াকে ধৰি বিভিন্ন অঞ্চলত চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ এখন ৰমৰমীয়া বেহা । ইতিমধ্যে ডুমডুমীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ছফিকুলৰ ওপৰত । আনহাতে আজি ছফিকুলক জেল হাজোতলৈ প্ৰেৰণ কৰিব বটদ্ৰৱা আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । অৱশ্যে আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ ঘাটি সমূলাঞ্চে উৎখাত কৰাত ব্যৰ্থ হৈছে নগাঁও আৰক্ষী ।
ইয়াৰ পূৰ্বে মঙলবাৰে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰ নেতৃত্বত ধিং আৰক্ষীৰ এটা দলৰ লগতে চি আৰ পি এফৰ 34নং বেটেলিয়েনৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি ধূপগুৰি অঞ্চলত অভিযান চলাইছিল । ধূপগুৰিৰে কছাৰী গাঁৱত আৰক্ষী চি আৰ পি এফৰ দলটোৱে চলোৱা অভিযানৰ সময়ত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধিং আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত জব্দ কৰা সন্দেহজনক হেৰ’ইনখিনিৰ ওজন আছিল 27.12 গ্ৰাম ।
জব্দ কৰা হেৰ’ইনৰে সৈতে ধিঙৰ ধূপগুৰি কছাৰী গাঁৱৰ নিজামুদ্দিন নামৰ সৰবৰাহকাৰীটোক আটক কৰিছিল আৰক্ষী-চি আৰ পি এফৰ দলটোৱে । ড্ৰাগছ সৰবৰাহৰ অধিক তথ্যৰ বাবে ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী নিজামুদ্দিনক (Drugs smuggler arrested in Nagaon) ।
লগতে পঢ়ক: War against drugs: নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী