ETV Bharat / state

Crime in Nagaon: নগাঁৱত বৰবিহ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Jun 16, 2023, 10:10 PM IST

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ বৃহস্পতিবাৰে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে শুকুৰবাৰেও আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰী ৷ লগতে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ৷

Crime in Nagaon
Crime in Nagaon
নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাঁও, 16 জুন: বিগত সময়ছোৱাত ড্ৰাগছৰ কড়াল গ্ৰাসত পৰা নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষী ৷ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷

শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে বিয়লি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত মিলনপুৰৰ পৰা জাহিৰ নামৰ সৰবৰাহকাৰীটোক আটক কৰে ৷ ধৃত জাহিৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে 40 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷ সম্প্ৰতি জাহিৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে নিশাও ইটাচালী আৰক্ষীয়ে 4 টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰীকেইটাৰ পৰা 10 টা চাবোনৰ বাকচত 124 গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে ৷ জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় 7 লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

বৃহস্পতিবাৰে নিশা নগাঁৱৰ ইটাচালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোণোৱালৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটা ৰাজীৱ আহমেদ, আনাৰুল হক, মিৰাজুল ইছলাম আৰু ফজলুল হক ৷ ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা দুখন মটৰ চাইকেলো জব্দ কৰে আৰক্ষীয়ে ৷

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালভাৱে নগাঁৱ জিলাত চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি জিলাখনৰ বিভিন্ন স্থানত অসাধু চলাই গৈছে অবৈধ কাম-কাজ ৷ জিলাখনত চলি থকা অপৰাধমূলক কাম-কাজ নিয়ন্ত্ৰণত অনাত কিমান সফল হ’ব নৱনীত মহন্ত সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Himanta Biswa Sarma: বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.