ETV Bharat / state

নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী

author img

By

Published : Jun 1, 2021, 4:48 PM IST

Updated : Jun 1, 2021, 7:24 PM IST

আৰক্ষীৰ এটা দলে নিশা চামগুৰিৰ বজাৰত চলোৱা অভিযানত জলসিঞ্চন বিভাগৰ কৰ্মচাৰীজনৰ লগতে আন দুজন সৰবাহকাৰীক আটক কৰে ৷

Drugs Paddler arrest at nagaon
নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী

নগাঁও, 1 জুন : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলৈৰ নেতৃত্বত এটা আৰক্ষী দলে মঙলবাৰে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীকেইটাৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইটা ক্ৰমে বাজিয়াগাঁও নিবাসী ৰুছতমৰ পুত্ৰ নুৰুল আমিন, চামগুৰি গ্ৰান্টৰ নিবাসী মৃত সূৰ্য্য বাহাদুৰ ৰায়ৰ পুত্ৰ ৰাজীৱ ৰায় আৰু চামগুৰি নিবাসী মৃত দুলাল শইকীয়াৰ পুত্ৰ মাচুম শইকীয়া বুলি জানিব পৰা হৈছে ৷

আৰক্ষী দলটোৱে নিশা প্ৰায় ৮ বজাত চামগুৰিৰ বজাৰত চলোৱা অভিযানত সৰবাহকাৰীকেইটাক আটক কৰাৰ লগতে ২.০৬ গ্ৰাম হে’ৰইন জব্দ কৰে ৷ আৰক্ষীৰ জেৰাত আটকাধীন নুৰুল আমিনে বাজিয়াগাঁৰ নিবাসী বাবুল হুছেইনৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা বুলি স্বীকাৰ কৰে ৷ তেওঁ জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৷ আনহাতে, আনজন ড্ৰাগছ সৰবৰাহকাৰী ৰাজীৱ ৰায়ে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ৷

লগতে পঢ়ক : ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

Last Updated : Jun 1, 2021, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.