ETV Bharat / state

পূৱ নাৰমাৰী ৰাইজে আটক কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক

হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পূব নাৰমাৰীত স্থানীয় লোকে আটক কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক ৷ স্থানীয় লোকে সদৰি কৰাল মতে চিলঙণীৰ ফাৰুক বুলি জানিব পৰা গৈছে ।

drugs paddler apprehended by locals in pub neramari
পূৱ নাৰমাৰী ৰাইজে আটক কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক
author img

By

Published : May 31, 2021, 6:17 PM IST

চামগুৰি, 31 মে': নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পূৱ নাৰমাৰীত আজি স্থানীয় লোকে ৰাতিপুৱাতেই এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ্য যে পুৱাই পূৱ নাৰমাৰীত এগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে নাৰমাৰীৰ নিবাসী মোবাৰক হুছেইন নামৰ আন এগৰাকী ঘৰলৈ আহিছিল ৷ ইয়াৰ পাচতে স্থানীয় একাংশ লোকে সন্দেহ কৰি লোকজনক সোধ-পোচ কৰে ৷

স্থানীয় লোকে সদৰি কৰা মতে লোকজনৰ পৰা বহু কেইটা কন্টেইনাৰ জব্দ কৰা হয় ৷ ইয়াৰ পাচতে হয়বৰগাঁও আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷ স্থানীয় ৰাইজৰ উপস্থিতিত লোকজনক হয়বৰগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত লয় লোকজনক ৷ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত যুৱক জন চিলঙণীৰ ফাৰুক বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.