ETV Bharat / state

Drugs in Nagaon : নগাঁৱত আকৌ ড্ৰাগছৰ ঘাটিয়ে মেলিছে পোখা - নগাঁৱত আকৌ ড্ৰাগছৰ ঘাটিয়ে মেলিছে পোখা

আনন্দ মিশ্ৰই সাৰি মছি থৈ যোৱা এলেকাত পুনৰ ড্ৰাগছৰ ঘাটি ৷ দিন-দুপৰতে নগাঁও চহৰৰ মাজমজিয়াত মুকলিকৈ চলে ড্ৰাগছ সেৱন ৷ কেমেৰা দেখি পলায়ন ড্ৰাগছ সেৱনকাৰীৰ ৷ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন সাধাৰণ জনতাৰ ৷

Drugs in Nagaon
নগাঁৱত আকৌ ড্ৰাগছৰ ঘাটিয়ে মেলিছে পোখা
author img

By

Published : Jul 31, 2022, 7:25 PM IST

নগাঁও, 31 জুলাই : দিনক দিনে যেন পুনৰ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নগাঁও চহৰৰ বহু এলেকা । পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই একপ্ৰকাৰ চাফ চিকুণ কৰি থৈ যোৱা নগাঁৱৰ ড্ৰাগছ ৰোড (Ananda Mishra's team against crime in Nagaon) ৰূপে পৰিচিত ফাঁচী ৰোডত পুনৰ আৰম্ভ হৈছে ড্ৰাগছৰ ঘাটি । নগাঁও আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ নগাঁৱৰ ফাঁচী ৰোডত দিন-দুপৰতে বিক্ৰী হয় নিষিদ্ধ ড্ৰাগছ ।

নগাঁৱত আকৌ ড্ৰাগছৰ ঘাটিয়ে মেলিছে পোখা

ড্ৰাগছৰ অবাধ বেহাৰ বাবেই পূৰ্বে জিলা প্ৰশাসনে ফাঁচী ৰোডত চলাইছিল উচ্ছেদ অভিযান (Operation against drugs in Nagaon) । পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ফাঁচী ৰোডত অভিযান চলাই প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল কুৰিজনৰো অধিক ড্ৰাগছ মাফিয়াক । পিছে এতিয়া সেই ফাঁচীৰোডত পুনৰ আৰম্ভ হৈছে ড্ৰাগছৰ বেহা ।

দেওবাৰে ড্ৰাগছৰ ঘাটিৰূপে পৰিণত নগাঁৱৰ ফাঁচীৰোডত উপস্থিত হয় সাংবাদিকৰ এটা দল ।

পিছে সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে বহু ড্ৰাগছ মাফিয়াই । আনকি ফাঁচীৰোডৰ ৰে’ল আলিত দিন দুপৰতে একাংশ যুৱকে মুকলিকৈ সেৱন কৰে ড্ৰাগছ । ড্ৰাগছৰ বাবেই অঞ্চলটোৰ পথেৰে আহ যাহ কৰিব নোৱাৰে যুৱতী-মহিলাই । নগাঁও চহৰতে এইদৰে ড্ৰাগছৰ বেহা চলা কাৰ্যই চিন্তিত কৰি তুলিছে ৰাইজক । সেয়ে উপায়ন্তৰ হৈ অসমৰ মুখ্যমন্ত্ৰীক এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনৰ নেতাই ।

উল্লেখযোগ্য যে, আজিৰ পৰা কেইদিনমানৰ আগলৈকে ড্ৰাগছৰ নাম ল’বলৈ ভয়ত কম্পমান হৈ পৰিছিল একাংশ ড্ৰাগছ মাফিয়া ৷ কিন্তু পুনৰ নগাঁওখনক একাংশ ড্ৰাগছ মাফিয়াই ড্ৰাগছৰ ঘাটিলৈ পৰিণত কৰিবলৈ কিদৰে সাহস গোটাব পাৰিছে সেয়া এতিয়া নগাঁওবাসীৰ বাবে হৈ পৰিছে লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক : Fake encounter in Assam: পুনৰ ভুৱা এনকাউণ্টাৰে লজ্জিত কৰিলে অসম আৰক্ষীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.