চামগুৰি, 16 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে মধ্য অসমৰ নগাঁৱতো অব্যাহত আছে ড্ৰাগছ সৰবৰাহৰ দৰে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা ৷ কিয়নো ৰাজ্য বিভিন্ন প্ৰান্তৰ আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহৰ ঘটনা প্ৰায়ে পোহৰলৈ আহিছে ৷
বুধবাৰে নগাঁৱৰ চামগুৰি বজাৰত চামগুৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহ লগত জড়িত দুজন যুৱকক ৷ অভিযান কালত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷
আৰক্ষী সুত্ৰই সদৰি কৰা অনুসৰি যুৱক দুজন চামগুৰি-গেৰুৱামুখৰ সুন্দৰ আলী আৰু বাবুল আহমেদ । ইফালে আৰক্ষীয়ে সোধপোছ কৰাত দুয়োজনে নিচাযুক্ত দ্ৰব্যখিনি বিল্লাল নামৰ এজনৰ যুৱকৰ পৰা ক্ৰয় কৰা বুলি স্বীকাৰ কৰিছে ৷