ETV Bharat / state

ৰূপহীহাটত চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক - নগাঁও জিলা প্ৰশাসন

শেহতীয়াকৈ অভিযানৰ উপৰি অভিযান চলাই নগাঁও জিলাৰ আৰক্ষী-প্ৰশাসনে ড্ৰাগছৰ বেহা নিয়ন্ত্ৰণ কৰিবলৈ উঠি-পৰি লাগিছে ৷ সোমবাৰে ৰূপহীহাট আৰক্ষীৰ অভিযানত আটক হ’ল চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷

drug dealer arrested
ৰূপহীহাটত চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক
author img

By

Published : May 25, 2021, 10:12 AM IST

ৰূপহীহাট,25 মে’: ৰাজ্যৰ শাসনত নতুন চৰকাৰ অধিষ্ঠিত হোৱাৰ পিছৰে পৰা আৰক্ষী বিভাগ উঠি-পৰি লাগিছে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৷ ক্ৰমাগতভাৱে অসম আৰক্ষীয়ে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে তীক্ষ্ণ নজৰ অব্যাহত ৰাখিছে এনে অবৈধ বেহা-বেপাৰৰ ওপৰত ৷

drug dealer arrested
ৰূপহীহাটত চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

একেদৰে নগাঁও আৰক্ষী-প্ৰশাসনেও শেহতীয়াকৈ অভিযান চলাই এইসকল ড্ৰাগছৰ ব্যৱসায়ী নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সোমবাৰে ৰূপহীহাট আৰক্ষীৰ অভিযানত আটক হ’ল চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ এই অভিযানত আটক কৰা হৈছে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে- আৰমান আহমেদ, নেওৱাজ শ্বৰীফ, আজাহাৰ উদ্দিন আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

ইপিনে, আৰক্ষীৰ এই অভিযানৰ উমান পাই বহুকেইজন ড্ৰাগছ আসক্ত লোকে পলায়ন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান আৰক্ষীয়ে এইসকল লোকৰ সন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে ক’লে অখিল মানসিক ৰোগী: ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.