ETV Bharat / state

কোভিডে ক্ষতি কৰিছে মুখা আৰু পোছাক শিল্পীক

author img

By

Published : Nov 22, 2020, 2:30 PM IST

এই পূৰ্বৰ দৰে ৰাসৰ পোছাকৰ বাবে অৰ্ডাৰ লাভ কৰা নাই শিল্পী সকলে ৷ যাৰ বাবে নিজৰ পেটৰ ভাত মুঠিৰ বাবে চিন্তা কৰিবলগীয়া হৈছে এই সকল শিল্পীয়ে ৷

dress-artist-facing-problem-for-covid-19
কোভিডে ক্ষতি কৰিছে মুখা আৰু পোছাক শিল্পীক

চামগুৰি, 22 নৱেম্বৰ: কোভিড-19 ৰ ভয়াৱহতাৰ বাবে ৰাজ্যত এইবাৰ ৰাইজে পূৰ্বৰ দৰে অনুষ্ঠিত কৰা নাই ৰাস মহোৎসৱ ৷ যাৰ প্ৰভাৱ পৰিছে ভাওনাৰ পোছাক প্ৰস্তুত কৰা শিল্পী সকলৰ ওপৰত ৷ এই বৃত্তিটোকে নিজৰ পেচা-হিচাপে লৈ জীৱন-নিৰ্বাহ কৰা পোচাক প্ৰস্তুতকাৰী শিল্পী সকলৰ এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ কোভিডৰ ভয়াৱহতাৰ বাবে ৰাসৰ এই সময়ছোৱাত এতিয়া নিজম পৰি ৰৈছে পূৰ্বে ৰাসৰ সময়ত ব্যস্ত হৈ থকা চামগুৰিৰ কেঁকোৰা চুক ৷ পূৰ্বে এই স্থানত ৰাসৰ সময়ত সৃষ্টি হয় ব্যস্ততাপূৰ্ণ এক পৰিৱেশৰ ৷ কিয়নো ৰাসৰ সময়ত কেঁকোৰা চুকৰ বিপুল চন্দ্ৰ বৰা নামৰ লোকজনে লাভ কৰিছিল প্ৰায় 20-25 খন ৰাসৰ ভাড়া ৷

বৰ্তমানেও বিপুল চন্দ্ৰ বৰাৰ বাসগৃহত ভাওনাৰ পোছাক নিৰ্মাণত ব্যস্ত হৈ পৰিছিল সকলো ৷ কিন্তু পূৰ্বৰ 20/25 ৰাসৰ বিপৰীতে শিল্পীজনে এইবাৰ লাভ কৰিছে মাত্ৰ 1 খন ৰাসৰহে অৰ্ডাৰ ৷ যাৰ বাবে এতিয়া নিজৰ পেটৰ ভাত মুঠিৰ বাবে চিন্তা কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে এইসকল শিল্পীৰ ৷

লগতে পঢ়কঃ আজি পুনৰ আৰম্ভ হ'ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.