চামগুৰি,5 নৱেম্বৰ : বৃহস্পতিবাৰে ভাৰত ৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো সুধাকণ্ঠক স্মৰণ ৷ নগাঁৱৰ পুৰণিগুদাম কলং কলাকেন্দ্ৰত অনুষ্টুপীয়াকৈ পালন কৰি বৰেণ্য ব্যক্তি গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
![Dr Bhupen Hazarika death anniversary organised in samaguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9442974_111.jpg)
উল্লেখ্য যে,2003 চনত এবাৰ ড৹ ভূপেন হাজৰিকাই গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থকাৰ সময়তে কলং কলা কেন্দ্ৰ পৰিদৰ্শন কৰিছিল ৷ কেন্দ্ৰৰ স্বত্বাধিকাৰী চিত্তৰঞ্জন বৰাই কুমাৰ মাটিৰ খোলাত সংগ্ৰহ কৰি ৰাখিছিল সুধাকণ্ঠৰ স্বাক্ষৰ আৰু পদচিহ্ন ।
![Dr Bhupen Hazarika death anniversary organised in samaguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9442974_222.jpg)
সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই পদচিহ্নতে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে কেন্দ্ৰটোৰ বিষয়ববীয়া সকলে ৷
লগতে পঢ়ক : তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ