ETV Bharat / state

সংৰক্ষণ হ’ব ভূপেনদাৰ গীত-মাতৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদান

অসমবাসীৰ বাবে এক সুখবৰ ৷ বাস্তৱায়িত হোৱাৰ পথত সোণোৱাল চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত ৷ জটিলতা আঁতৰিল ড৹ ভূপেন হাজৰিকা স্মৃতি সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ নিৰ্মাণৰ কামৰ ৷

author img

By

Published : Aug 3, 2021, 7:54 PM IST

Dr. Bhupen Hazarika Cultural Project
সংৰক্ষণ হ’ব ভূপেনদাৰ গীত-মাতৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদান

কলিয়াবৰ, 3 আগষ্ট: এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত সংগীতসূৰ্য‍ ড৹ ভূপেন হাজৰিকা স্মৃতি সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ নিৰ্মাণৰ জটিলতা আঁতৰিল । ভূপেন দাৰ স্মৃতি বিজড়িত কুঠৰীৰ 'আপোন ঘৰ'খনত নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ ভূমি সংক্ৰান্তীয় জটিলতা দূৰ হোৱাৰ ফলত প্ৰশস্ত হ'ল প্ৰকল্প নিৰ্মাণৰ বাট । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ সাত বিঘা ভূমি সমহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিলে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক ।

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ বাগৰি মৌজাৰ ন-জান গাঁৱৰ মুঠ ৭ বিঘা ভূমি এক নিৰ্দেশনা মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে ১৬ জুলাই তাৰিখে ভূমিসহ গৃহটি হস্তান্তৰ কৰে । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহটি সংৰক্ষণ কৰি ইয়াত এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ দীৰ্ঘদিনীয়া দাবী আছিল কলিয়াবৰীয়া ৰাইজকে ধৰি সুধাকণ্ঠৰ গুণমুগ্ধ সকলৰ ।

লগতে পঢ়ক:লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

সকলোৰে দীৰ্ঘদিনীয়া দাবীক সন্মান জনাই কলিয়াবৰৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কুঠৰিস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰি থৈছে । অলপতে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা কুঠৰিস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ'ব বুলিও সাংবাদিকক জানিবলৈ দিছিল।

কুঠৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে আছে ভূপেন দাৰ বিভিন্ন সময়ৰ স্মৃতি বিজড়িত এই বাসভৱনটি । ১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কুঠৰীত সুধাকণ্ঠই এটি ঘৰ সাজি পাতিছিল 'আপোন ঘৰ' । আশা আছিল, জীৱনৰ বিয়লি বেলা অসমৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব‍্যৱস্থা কৰি এক আশ্ৰম ৰূপে গঢ় দিয়া । পিছে সেই আশা পূৰণ হোৱা দূৰৰে কথা, ঘটনা চক্ৰত পৰি সেই ঘৰ-মাটি বিক্ৰী কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰীকাই ।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ সভাত অংশগ্ৰহণ কৰিব বোকাখাতৰ ছাত্ৰই

অৱশ্যে পাছলৈ ভূপেনদাৰ ঘৰ-মাটিৰ নতুন গৰাকীয়ে ঘৰৰ লগতে এছোৱা ভূমি ভূপেনদাৰ স্মৃতিত এৰি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত বৰ্তমানৰ চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল য’ত থাকিব এটা যাদুঘৰ, পুথিভঁৰাল, ছিনেমা গৃহ, ভূপেনদাৰ গীত-মাত সংৰক্ষণ তথা বিভিন্ন সাংস্কৃতিক উপাদানেৰে এক আটক ধুনীয়া সাংস্কৃতিক কেন্দ্ৰ আৰু যাদুঘৰ ।

লগতে পঢ়ক: 'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.