নগাঁও,১৬ ছেপ্টেম্বৰ: যি সময়ত পৱিত্ৰ চিকিৎসা বৃত্তিক একপ্ৰকাৰ কলংকিত কৰি একাংশ চিকিৎসকে অতি লাভজনক ব্যৱসায়লৈ পৰিণত কৰিছে এনে সময়ত কৰ্তব্যনিষ্ঠাৰ পৰিচয় দি বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নগাঁৱৰ দুগৰাকী চিকিৎসকে(Two doctors from Nagaon felicitated again) । নাম ক্ষীৰদাকান্ত দাস আৰু জিয়াউদ্দিন আহমেদ । শুক্ৰবাৰেও চিকিৎসক দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ এক অগ্ৰণী শিক্ষানুষ্ঠানে(Doctors felicitated in Nagaon) ।
নগাঁৱৰ চৰকাৰী চিকিৎসা খণ্ডত নিয়োজিত ক্ষীৰদাকান্ত দাস আৰু জিয়াউদ্দিন নামৰ চিকিৎসক দুগৰাকীয়ে ক'ভিড ১৯ ৰ ভৰপক সময়ত চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াই হৈ পৰিছিল সকলোৰে শলাগৰ পাত্ৰ । বিগত ২০২০ আৰু ২০২১ বৰ্ষত ক'ভিড ১৯ য়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক'ভিড আক্ৰান্ত লোকক নিষ্ঠাৰে আগবঢ়াইছিল সেৱা(Covid 19 Situation) ।
নিজ পৰিয়ালৰ পৰাও আঁতৰত থাকি দিনে নিশাই ক'ভিড আক্ৰান্তক সেৱা আগবঢ়াইছিল চিকিৎসক দুগৰাকীয়ে(Two doctors served Covid patients in Nagaon) । নিজ বাসগৃহত থকাৰ বিপৰীতে চিকিৎসালয়তে থাকি সেৱা আগবঢ়াই কৰ্তব্য নিষ্ঠাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছিল ক্ষীৰদাকান্ত দাস ওৰফে কে কে দাস আৰু জিয়াউদ্দিন আহমেদ নামৰ চিকিৎসক দুগৰাকীয়ে । চিকিৎসক দুগৰাকীৰ কৰ্তব্যপৰায়নতাৰ বাতৰি ই টি ভি ভাৰত অসমত বিস্তৃতভাৱে সম্প্ৰচাৰ হৈছিল ।
ই টি ভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰিছিল চিকিৎসক দুগৰাকীক । আনকি চৰকাৰীভাৱেও সম্বৰ্ধনা জনোৱা হৈছিল চিকিৎসক দুগৰাকীক । চৌদিশে প্ৰশংসিত হৈছিল দুয়োগৰাকী চিকিৎসক । শুক্ৰবাৰেও চিকিৎসক ক্ষীৰদাকান্ত দাস আৰু জিয়াউদ্দিন আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় চিকিৎসক দুগৰাকীক ।
উল্লেখযোগ্য যে, কলংপাৰ বিদ্যাপীঠৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত দুয়োগৰাকী চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ ননীগোপাল মহন্ত । মহন্তই চিকিৎসক দুগৰাকী আদৰ্শ ব্যক্তি হিচাপে উল্লেখ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়াই সাৰুৱা ভাষণ ।
লগতে পঢ়ক: গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে