কলিয়াবৰ, 15 ডিচেম্বৰ : আধৰুৱা হৈ ৰ’ল বহু সপোন ৷ অকালতে হেৰাই গ’ল আৰু এজন সমাজ হিতৈষী ব্যক্তি ৷ বিশিষ্ট সাহিত্যিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ভাতৃ তথা যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি বৰগোহাঞি যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় । তেওঁৰ মৃত্যুত কলিয়াবৰৰবাসী ৰাইজে হেৰুৱালে এজন জাতীয়তাবাদী ভাৱাপন্ন নিৰ্ভিক সমাজকৰ্মীক । ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে শোকৰ ছাঁ ৷
জখলাবন্ধা নিৱাসী বৰগোহাঞিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি নিয়োগ বিষয়া হিচাপে যোগদান কৰিছিল ৷ পৰৱৰ্তী সময়ত চাকৰি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল । কলিয়াবৰৰ বিভিন্ন সামাজিক কৰ্মত জড়িত বৰগোহাঞি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত সংযুক্ত হৈ ছবছৰীয়া ছাত্ৰ আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী আছিল ।
1976 চনত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয় । 1983 চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা সন্মানসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰগোহাঞি কিছুদিন নিয়োগ বিষয়া হিচাপে কৰ্মৰত আছিল ।
‘মোৰ দেশ মোৰ যৌৱন’ বুলি ক’বলৈ কবিগৰাকী আৰু নাই । জাতীয়তাবাদী চিন্তাৰে পুষ্ট এইগৰাকী ব্যক্তিৰ কলমেৰে নিৰ্গত হোৱা কবিতাটো স্পষ্ট ৰূপত ধৰা দিছিল অসমী আইৰ প্ৰতি থকা ভালপোৱাৰ গভীৰ অনুভূতি । 'কা' আন্দোলনৰ সময়ত এগৰাকী অগ্ৰণী ৰূপে কলিয়াবৰীয়া ৰাইজক সুসংগঠিত কৰাৰ কথা কলিয়াবৰীয়া শ্ৰদ্ধাৰে সুঁৱৰিব । কলিয়াবৰৰ আহোম যুগীয়া সমল আৰু স্মৃতিসমূহক সংৰক্ষণত আগভাগ লোৱা সদ্য প্ৰয়াত ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ প্ৰচেষ্টা শলাগ ল'বলগীয়া আছিল ।
চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ কনিষ্ঠ ভাতৃ ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ মৃত্যুৰ সময়ত বয়স আছিল 63 বছৰ । ইহ সংসাৰত তেওঁ পত্নী, পো-বোৱাৰী, দুগৰাকী কন্যাসহ অগনন গুণমুগ্ধক এৰি থৈ যায় । বৰগোহাঞিৰ মৃত্যুত কলিয়াবৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : সুদীৰ্ঘ সময়ৰ পিচত মঞ্চত তবলা বজালে সূৰ্য গোস্বামীয়ে