চামগুৰি,১ ৫ জুন : এইবাৰ ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা । জুৰীয়াত সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন স্থানত এই ঘটনাক গৰিহণা প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে । নগাঁও জিলাৰ জুৰীয়াৰ বগৰিগুৰি পঞ্চায়তত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে ধিং প্ৰেছ ক্লাব আৰু জুৰীয়া প্ৰেছ ক্লাবৰ সাংবাদিক সকলে ।
জুৰীয়া বগৰিগুৰি পঞ্চায়তৰ সভাপতি তথা কংগ্ৰেছী বাবুল আলীৰ নেতৃত্বত সাংবাদিকক আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ধিং প্ৰেছ ক্লাবে । ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাবুল আলীকে ধৰি ঘটনা সংঘটিত কৰা ব্যক্তিসকলক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনাই ধিং প্ৰেছ ক্লাব আৰু জুৰীয়াৰ সাংবাদিক সকলে ।
লগতে পঢ়ক:আগন্তুক 22 জুনলৈ নতুন ক’ভিড নীতি ঘোষণা ৰাজ্য চৰকাৰৰ