ETV Bharat / state

বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ বিৰুদ্ধে সৰৱ ধিঙৰ এ আই ইউ ডি এফৰ নেতা কৰ্মী

author img

By

Published : Jan 24, 2020, 10:19 PM IST

সংবাদ মাধ্যমৰ এক আলোচনা চক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক উদ্দেশ্যি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কৰা এক বিতৰ্কিত মন্তব্যত সৰৱ হৈ পৰিছে ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী ৷

ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী
ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী

ধিং, 24 জানুৱাৰীঃ বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ধিঙত ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে যোৱা মঙলবাৰে, সংবাদ মাধ্যমৰ এক আলোচনা চক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক উদ্দেশ্যি,বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কৰা এক বিতৰ্কিত মন্তব্যক লৈ সৰৱ হৈ পৰিছে ধিঙৰ এ আই ইউ ডিএফৰ নেতা কৰ্মী ৷ শুকুৰবাৰে ধিঙৰ ডুমডুমীয়াত এ আই ইউ ডিএফৰ নেতা কৰ্মীসকলে মমিনুল আৱালৰ প্ৰতিমূৰ্তিত ৰঁচী লগাই চোঁচৰাই, চেন্দেলেৰে কোবাই ক্ষোভ উজৰাৰ লগতে,মুখপাত্ৰ গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

মমিনুল আৱালৰ বিৰুদ্ধে সৰৱ ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী

লগতে পঢ়ক ঃ গোলাঘাটত বিজেপিৰ সংকল্প সমাৰোহৰ মাজতে প্ৰতিবাদ

Intro:ধিঙত অব্যাহত আছে বিজেপিৰ মুখপাত্র মমিনুল আঁওৱালৰ বিৰুদ্ধে প্ৰতিবাদ ।ধিঙৰ ডুমডুমীয়াত মমিনুল আঁওৱালৰ প্ৰতিমূৰ্তি দাহ কৰিলে এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে ।Body:নাগৰিকত্ব সংশোধনী আইন বাতিলক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে যোৱা মঙ্গল বাৰে এটা টক শ্বত ধিংসমষ্টিৰ বিধায়ক আমিনুল ইছলামক উদ্দেশ্যি বিজেপি দলৰ মুখপাত্র মমিনুল আঁওৱালে মিঞা, মুছলমান, বাংলাদেশীৰ জাত বুলি গালি পৰা কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ নেতা কৰ্মী সকল । শুক্ৰবাৰে ধিঙৰ ডুমডুমীয়াত এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে মমিনুল আঁওৱালৰ প্ৰতিমূৰ্তিত ৰচি লগাই কোনোৱে যদি চোচুৰাইছে কোনোৱে আকৌ চেন্দেলেৰে কোবাই উজাৰিলে ক্ষোভ । তাৰ পিছতেই মমিনুল আঁওৱালৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । মুঠৰ ওপৰত এনেকৈ এতিয়া ধিং সমষ্টিৰ ঠায়ে ঠায়ে জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু ৰুজু হৈছে মমিনুল আঁওৱালৰ বিৰুদ্ধে গোচৰো ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.