নগাঁও, 25 জুনঃ নগাঁও আৰু ধিং আৰক্ষীৰ সফল অভিযান ৷ মাৰাণাস্ত্ৰ বিক্ৰী কৰিব লওতেই অভিযান চলাই হাতে লোটে ধৰা পেলাই দুজন লোকক ৷ গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে আব্দুল হেকিম আৰু খজল উদ্দিন ৷
মৈৰাবাৰীৰ পাটেকাবড়ীৰ আব্দুল হেকিমে পিষ্টলটো বিক্ৰীৰ বাবে লৈ আহিছিল ধিঙৰ পানবাৰীৰ খজল উদ্দিনৰ নামৰ লোক জনৰ ঘৰলৈ । আৰক্ষীয়ে ঘটনা সম্পৰ্কে পূৰ্বৰে পৰা উমান পায় নিয়োজিত কৰি থোৱা লোকৰ সূত্ৰৰ পম খেদি এই অভিযান চলাই আৰু দুয়োজনকে হাতে-লোটে ধৰা পেলায় ৷
দুয়োকে গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷ লোক দুজনৰ পৰা আৰক্ষীয়ে আমেৰিকাত নিৰ্মিত 9 mm পিষ্টল, দুই জাঁই সজীব গুলী আৰু দুটা মবাইল হেনছেট জব্দ কৰে ৷
লগতে পঢ়কঃ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কোন এই গৰ্গ চেটাৰ্জী !