বটদ্ৰৱা, 3 জুনঃ ধিঙৰ শালকাটিত হোম কোৱাৰেণ্টাইনত থকা যুৱকৰ দেহত ধৰা পৰিল কভিড ১৯ পজিটিভ ৷ ঘটনাক কেন্দ্ৰ কৰি আতংকিত গাঁওবাসী ।আক্ৰান্ত ছাত্ৰ জনৰ নাম মুস্তাক আৰিফ । বয়স ২২ বছৰ । এই ছাত্ৰ জন উত্তৰ প্রদেশৰ এখন মাদ্রাছাত অধ্যয়ন কৰি আছিল । এখন বাছেৰে ২৯ জন ছাত্রৰ সৈতে অসমলৈ আহিছিল মুস্তাক আৰিফ ।
২৩ মে' ৰ পৰা জুৰিয়া বগুৰীগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰত কোৱাৰেণ্টাইন হৈ আছিল ছাত্ৰজন । কোৱাৰেণ্টাইন চেন্টাৰত ২৫ মে' ত স্বাব সংগ্ৰহ কৰাৰ পাছত টেষ্টৰ ৰিজাল্ট নিগেটিভ অহাত ২৯ মে' ত হোম কোৱাৰেণ্টাইন লৈ প্ৰেৰণ কৰে ছাত্ৰ জনক । কিন্তু মঙলবাৰে পুনৰ ছাত্ৰজনৰ ক'ভিড ১৯ পজিটিভ বুলি ৰিজাল্ট আহিল ।
উল্লেখ্য যে, এই কভিড আক্ৰান্ত ছাত্ৰ জন উত্তৰ প্রদেশতো কভিড ১৯ ত আক্ৰান্ত হৈ ১৬ দিন চিকিৎসাধীন হৈ আছিল । পৰৱৰ্তী সময়ত ৰিজাল্ট নিগেটিভ অহাত ছাত্ৰ জন ১৪ দিন হোম কোৱাৰেণ্টাইনত থাকি ২৩ মে' ত অসমলৈ আহিছিল ।