চামগুৰি,19 জুন : এটা বিশেষ পথ, এই কাৰণেই এই পথটো বিশেষ বুলি কোৱা হৈছে যিটো পথেৰে কেইবছৰমান পূৰ্বে সোঁত বৈছিল ৰাজনীতিৰ ৰথী-মহাৰথীৰ পৰা আৰম্ভ কৰি লক্ষাধিক জনতাৰ ৷ কাৰণ সেই সময়তে স্বৰ্ণকন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে এছিয়ান গেমছত আঁজুৰি আনিছিল স্বৰ্ণপদক ৷ জন্মভূমিৰ লগতে সমগ্ৰ দেশলৈ কঢিয়াই আনিছিল গৌৰৱ ৷ যাৰ বাবে এই বিশেষ পথটোৰে ৰথী-মহাৰথীৰ লানি নিছিগা সোঁত বৈছিল হিমা দাসৰ বাসগৃহলৈ ৷
সেই সময়তে বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা দেখিবলৈ পোৱা গৈছিল হিমা দাসৰ বাসগৃহত ৷ বিভিন্ন প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম আছিল হিমা দাসৰ বাসগৃহলৈ যোৱা গাঁৱৰ জৰাৰ্জীণ পথচোৱা নিৰ্মাণৰ ৷ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসৰ বাসগৃহত উপস্থিত হৈ হিমাৰ ঘৰলৈ যোৱা পথচোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু আজিও সেই প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷
দিনৰ পাচত দিন, সময়ৰ পাচত সময় বাগৰিল, কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিও যেন অসাৰ হৈ ৰ’ল ৷
সম্প্ৰতি ধিং চহৰৰ পৰা হিমা দাসৰ ঘৰ হৈ ডুমডুমীয়া-বটদ্ৰৱা সংযোগী পথৰ দুৰাৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব ৷ সমগ্ৰ পথটোৰ মাজত একাঁঠু পানী ৷ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত ৷ এক দুৰ্বিষহ নৰক যন্ত্ৰণাৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশো যেন অসাৰ হৈ পৰিল ৷ আনকি এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে বটদ্ৰৱা আৰু ধিং সমষ্টিৰ দুই স্থানীয় বিধায়কৰো কোনো গুৰুত্ব নাই ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি এই পথছোৱা ধিং আৰু বটদ্ৰৱা দুয়োটা সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱাৰ বাবেই গুৰুত্ব নাপায় কোনো এজন জনপ্ৰতিনিধিৰ ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই পথচোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়াৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়কঃ পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু