ETV Bharat / state

ধিঙত কিশোৰক ভয়াৱহ আক্ৰমণ ড্ৰাগছ মাফিয়াৰ

যিটো সময়ত নগাঁৱৰ ধিঙ অঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হৈছে,তেনে সময়তে অঞ্চলটোৰ কিশোৰৰ মাজত মেলি দিয়া হৈছে ড্ৰাগছৰ ভয়াৱহ জাল ৷ ড্ৰাগছ মাফিয়াই ভঙা-চিঙা কিনা ব্যৱসায়ীৰ ৰূপত ব্যৱসায়ত জড়িত কৰাইছে কিশোৰক ৷ শেহতীয়াকৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ অমান্তি হোৱা কিশোৰৰ ওপৰত ড্ৰাগছ মাফিয়াই চলালে ভয়াৱহ অমানুষিক আক্ৰমণ ৷ ETV Bharat অসমৰ এক প্ৰতিবেদন ৷

author img

By

Published : Oct 17, 2019, 6:46 PM IST

ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হোৱা কিশোৰ

ধিং,17 অক্টোবৰঃ হিমা দাসৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিয়া ধিং অঞ্চলত চলিছে ড্ৰাগছ মাফিয়াৰ ভয়াৱহ অভিসন্ধি ৷ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰই সমগ্ৰ অঞ্চলটোত মেলি দিছে নিষিদ্ধ ড্ৰাগছৰ ভয়াৱহ বেহা ৷ কিশোৰ-কিশোৰীক প্ৰথমে ড্ৰাগছ ল'বলৈ শিকাই পৰৱৰ্তী পৰ্যায়ত ব্লেকমেইলিং কৰি ড্ৰাগছ বিক্ৰী কৰিবলৈ বাধ্য কৰি আহিছে ড্ৰাগছ মাফিয়াই ৷ নজৰ ফকিৰ আৰু মিনাৰা খাতুন নামৰ দুই ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷ খোদ ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হোৱা দুগৰাকী কিশোৰে সমগ্ৰ ঘটনা প্ৰকাশ কৰিছে ETV Bharatৰ সাংবাদিকৰ আগত ৷

ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হোৱা কিশোৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

লগতে পঢ়কঃ বৰপেটাত আটক ম'ষ্ট ৱান্টেড জেহাদী

আনহাতে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে ধিং আৰক্ষী চকীয়ে ৷ আৰক্ষীক কেৰেপ নকৰা ড্ৰাগছ মাফিয়া নজৰ ফকিৰৰ টকাৰে ধিং থানা চলি আহিছে বুলি ভুক্তভোগী কিশোৰৰ অভিভাৱক ভয়-ভাবুকি প্ৰদান কৰি আহিছে ড্ৰাগছ মাফিয়াজনে ৷ প্ৰথম অৱস্থাত দুখীয়া পৰিয়ালৰ কিশোৰ কিশোৰীক কাম দিয়াৰ চলেৰে মাতি নি নিষিদ্ধ ব্ৰাউন চুগাৰ সেৱন কৰিবলৈ শিকায় নজৰ ফকিৰে ৷ পৰৱৰ্তী সময়ত ড্ৰাগছ মাফিয়াই এইসকল কিশোৰক ব্লেকমেইলিং কৰি ড্ৰাগছ বিক্ৰী কৰিবলৈ বাধ্য কৰায় ৷ দুখীয়া পৰিয়ালৰ এইসকল কিশোৰ-কিশোৰীয়ে ড্ৰাগছ বিক্ৰী কৰিবলৈ অমান্তি হ'লেই বন্ধ কোঠাত আৱদ্ধ কৰি পাশৱিক অত্যাচাৰ চলাই আহিছে ড্ৰাগছ মাফিয়া নজৰ ফকিৰ আৰু তেওঁৰ পুত্ৰই ৷

লগতে পঢ়কঃ হোজাই বাল্য-বিবাহৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী

বৰ্তমানে অসুস্থ কিশোৰ কেইটিক তেওঁলোকৰ পৰিয়ালে মোকলাই আনি ঘৰতে ৰাখিছে ৷ ধনৰ অভাৱত চিকিৎসাৰ পৰাও বঞ্চিত হৈছে অসুস্থ কিশোৰকেইটি ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰৰ পৰিয়ালে ধিং আৰক্ষী চকীত গোচৰ তৰিছে যদিও ৰহস্যজনকভাৱে বৰ্তমানলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ধিং আৰক্ষীৰ এনে নীৰৱতাৰ অন্তৰালত কি ৰহস্য আছে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই যদিও ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Intro:

ড্ৰাগছ মাফিয়াৰ ভয়ানক কাণ্ড।শাৰিৰীক নিৰ্যাতন চলাই কণ কণ শিশু কিশোৰক ড্ৰাগছ ব্ৰাউন চুগাৰ কণ শিশু কিশোৰক প্ৰথমে ভেৰা ৰখা, ভঙা চিঙা টিং প্লাষ্টিক বিচৰা আদি কামত নিয়োগ কৰি ব্ৰাউন চুগাৰ সেৱন কৰিব শিকাই। Body:

মোৰ টকাৰে ধিং থানা চলে। কেচ কৰি কি কৰিবি। নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ ধিঙৰ নজৰ ফকিৰ খ্যাত এই ড্ৰাগছ মাফিয়া টোৱে এইদৰেই দাবি ধমকিৰে মাফিয়াৰাজ চলাই অঞ্চলৰ একাংশ নিৰিহ লোকৰ ওপৰত। কণ কণ শিশু কিশোৰক প্ৰথমে ভেৰা ৰখা, ভঙা চিঙা টিং প্লাষ্টিক বিচৰা আদি কামত নিয়োগ কৰি ব্ৰাউন চুগাৰ সেৱন কৰিব শিকাই। আৰু তাৰ পাছত সেই শিশু কিশোৰ হতক ভঙা ছিগা সামগ্ৰীৰ মাজত ব্ৰাউন চুগাৰ দি বিক্ৰী কৰাই গাৱে গাৱে। ইয়াকে কৰিবলৈ অমান্তি হলে অবুধ শিশুক বন্ধ কোঠাত চলাই পাশবিক নিৰ্যাতন। এনে নিৰ্যাতনৰ বলি হৈ সম্প্ৰতি দুটি শিশু চিকিৎসাধীন হৈ আছে নিজ ধিঙত। নিৰ্যাতিত শিশু কেইতাৰ মুখেৰেই শুনক নজৰ ফকিৰ আৰু তাৰ সহযোগী মিনাৰা খাতুনৰ নৃশংসতাৰ কথা। ব্ৰাউন চুগাৰ বিক্ৰী কৰিবলৈ অমান্তি হোৱাত এই দুয়োটা শিশুকে নজৰ ফকিৰ আৰু পুত্ৰই মিলি চলাইছিল নৃশংস অত্যাচাৰ। এই অত্যাচাৰ এনে পৰ্যায় পালেগৈ যে শেষত শিশুটিক মুখত কাপোৰ বান্ধি স্কুপ ড্ৰাইভাৰ গৰম কৰি ভৰিত সুমুৱাই দিয়ে। এনেকৈ পাশবিক অত্যাচাৰ চলাই ড্ৰাগছ সৰবৰাহকাৰী মিনাৰা খাতুনক শিশু দুটিক চমজাই দিছিল এই নৰপিশাচ কেইটাই। পিছত পৰিয়ালৰ লোকে জানি নজৰক হাতে ভৰিয়ে ধৰি অসুষ্ঠ শিশু কেইটিক মোকলাই আনে। নজৰ ফকিৰৰ বিৰুদ্ধে গোচৰ তৰিলে হত্যা কৰাৰ ভাবুকি দিয়াত অসহায় পৰিয়াল কেইটাই নিৰবে সহ্য কৰিব লগা হল এনে অন্যায়ৰ। কাৰণ ধিং থানাৰ সৈতে সুসম্পৰ্ক থকাৰ কথা মুকলিকৈ কয় নজৰ ফকিৰে। সম্প্ৰতি চিকিৎসাধীন শিশু দুটাক উপযুক্ত চিকিৎসা কৰিব নোৱাৰি ঘৰতে উচুপিছে অসহায় মাতৃয়ে। কিন্তু এনে এক জঘণ্য ঘটনাৰ পাছতো মুকলি আকাশৰ তলত পুত্ৰ সহ নৰপিশাচ নজৰ ফকিৰ আৰু মিনাৰা খাতুন। কিন্তু ধিং আৰক্ষীৰ এনে নিৰবতাৰ অন্তৰালত কি ৰহস্য আছে। সচাকৈ ধিং আৰক্ষী নজৰৰ পকেটত বন্দী নেকি।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.