ETV Bharat / state

দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !

author img

By

Published : Nov 4, 2021, 1:53 PM IST

কিমান ভয়াৱহ দৰিদ্ৰতা(Poverty) ? দৰিদ্ৰতাই কিমান তললৈ নিব পাৰে এজন লোকক? এটা চাকৰি আৰু অকণমান আশ্ৰয়ৰ বিনিময়ত নিজ শৰীৰৰ অমূল্য অংগ দান কৰিবলগীয়া হৈছে এজন লোকে ৷ কিন্তু মূল্যৱান সম্পদৰ বিনিময়ত তেওঁ লাভ কৰিলে প্ৰতাৰণা ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

dharamtul kidney sale
দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !

নগাঁও, 4 অক্টোবৰ : পোহৰলৈ আহিছে দৰিদ্ৰতাই কোঙা কৰা এটি পৰিয়ালৰ কৰুণ কাহিনী ৷ এটা চাকৰি আৰু অকণমান আশ্ৰয়ৰ আশাতেই নিজৰ শৰীৰৰ অমূল্য অংগ বৃক্ক অৰ্থাৎ কিডনী দান কৰে এজন সাধাৰণ লোকে ৷ দৰিদ্ৰতাই যে মানুহক কিমান দুৰ্বিসহ আৰু উপায়হীন কৰি তোলে, সেয়া এক উদাহৰণ এইজন দৰিদ্ৰ লোক ৷ এই ঘটনা সংঘটিত হৈছিল বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৷

সহায়ৰ বিপৰীতে দৰিদ্ৰতাৰ সুযোগ লোৱা একাংশ লোক আমাৰ সমাজত নোহোৱা নহয় ৷ কিডনী প্ৰদান কৰিও প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হৈছে দৰিদ্ৰ লোকজনে । প্ৰাপ্ত তথ্য অনুসৰি, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL)ৰ এগৰাকী উচ্চপদস্থ মহিলা বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷

এতিয়া আহো মূল কাহিনীলৈ ৷ আৰ্থিক দুৰৱস্থাৰ বাবে কিডনী বিক্ৰী কৰা ধৰমতুল কাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাচত এইবাৰ নগাঁৱৰ ডিফলুত পোহৰলৈ আহিছে এনে এক ভয়ংকৰ ঘটনা ৷ আৰ্থিক দৈন্যতাই কোঙা কৰা লোকজনে পৰিয়াল পোহপাল দিবলৈ সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ । নাই কোনো সংস্থাপন । আনকি নাই কোনো স্থায়ী বাসস্থান ।

এটা সংস্থাপন আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰি আহিছে লোকজনে ৷ তেনে সময়তে তেওঁৰ যোগাযোগ হৈছিল কিডনী ৰোগত আক্ৰান্ত এজন লোকৰ পত্নীৰ সৈতে । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এগৰাকী উচ্চপদস্থ মহিলা বিষয়াই তেওঁৰ স্বামীক বৃক্ক প্ৰদান কৰিলে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ লগতে বাসস্থানৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল দৰিদ্ৰ লোকজনক ৷

কিন্তু প্ৰতিশ্ৰুতি পৰিণত হ’ল প্ৰলোভনত ৷ চৰকাৰী মহিলা বিষয়াগৰাকীৰ কথামতেই একমাত্ৰ এটা চৰকাৰী চাকৰি আৰু বাসস্থান লাভৰ আশাত নিজৰ শৰীৰৰ অমূল্য অংগ প্ৰদান কৰে দৰিদ্ৰ লোকজনে ৷ গুৱাহাটীস্থিত এপল’ হাস্পতালত অস্ত্ৰোপচাৰ কৰি তেওঁ কিডনী প্ৰদান কৰে ।

ইফালে কিডনী লাভ কৰাৰ পাচৰ পৰাই দৰিদ্ৰ লোকজনৰ সৈতে যোগাযোগ বিচ্ছিন্ন ৰাখিছে মহিলা বিষয়াগৰাকী ৷ দৰিদ্ৰ লোকজনৰ স্বীকাৰোক্তি অনুসৰি, আজি পৰ্যন্ত মহিলা বিষয়াগৰাকীয়ে তেওঁক কিডনীৰ বিনিময়ত চাকৰি অথবা বাসস্থানৰ কোনো ব্যৱস্থা কৰি দিয়া নাই ৷ আনকি কিডনী প্ৰদান কৰাৰ পাচত মহিলাগৰাকীয়ে তেওঁৰ ফোনো ৰিচিভ নকৰা অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰ লোকজনে ৷

এগৰাকী চৰকাৰী উচ্চপদস্থ বিষয়াই এনেদৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে দৰিদ্ৰ লোকজনে । লগতে তেওঁ নগাঁও জিলা উপায়ুক্তৰো কাষ চাপিছে । মন কৰিবলগীয়া যে, এনে ঘটনাই প্ৰমাণ কৰিছে এইখন অসমত কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে দৰিদ্ৰতাই ৷

লগতে পঢ়ক : কেনেদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.