ETV Bharat / state

পুনৰ বিতৰ্কত নগাঁৱৰ ডিঅ’ কেয়াৰ হাস্পতাল - ভুল চিকিৎসা

পুনৰ বিতৰ্কত নগাঁৱৰ ডিঅ’ কেয়াৰ হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ । ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি চিকিৎসালয়খনত। ভুল চিকিৎসা প্ৰদানৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ ।

dew Care hospital in nagaon on charges of fake treatment
ভুৱা চিকিৎসাৰ অভিযোগত নগাঁৱৰ ডিও কেয়াৰ হস্পিতাল
author img

By

Published : Aug 13, 2021, 2:23 PM IST

নগাঁও , 13 আগষ্ট : পবিত্ৰ চিকিৎসা বৃত্তিক ব্যৱসায়লৈ পৰিণত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ ডিঅ’ কেয়াৰ নামৰ নাৰ্ছিং হোমখনৰ বিৰুদ্ধে। পূৰ্বে কেইবাবাৰো বিতৰ্কত সাঙোৰ খাই পৰা চিকিৎসক ফৰিদুল ইছলাম মালিকাধীন ডিঅ’ কেয়াৰ হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ভুল চিকিৎসাৰ বলি হৈ ৰোগীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ ।

নাৰ্ছিং হোমখনত ভৰ্তি হৈ থকা এগৰাকী মহিলা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱাই ব্যক্তিগত নাৰ্ছিং হোমখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নুৰুন নাহাৰ নামৰ মহিলাগৰাকীক ভৰ্তি কৰা হৈছিল ডিঅ’ কেয়াৰ হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰত । অভিযোগ অনুসৰি মহিলাগৰাকীয়ে এন্টিবায়’টিক ল’ব নোৱাৰে বুলি পৰিয়ালৰ লোকে হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰিছিল ৷

ভুৱা চিকিৎসাৰ অভিযোগত নগাঁৱৰ ডিও কেয়াৰ হস্পিতাল

ইয়াৰ পিছতো মহিলাগৰাকীক খালী পেটত এন্টিবায়’টিক বেজী দিয়াৰ পিছতেই মহিলাগৰাকী ছটফটাই মৃত্যুক সাৱটি লোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে । যাক লৈ এতিয়া ব্যক্তিগত নাৰ্ছিং হোমখনৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোক। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ।

পূৰ্বেও কেইবাবাৰো বিতৰ্কত নাম সাঙোৰ খাই পৰা নগাঁৱৰ ধিং গেটস্থিত ডিঅ’ কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক:পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে অসমৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.