নগাঁও,4 ফেব্ৰুৱাৰী: বুধবাৰে বিশাল চাইকেল ৰেলীৰে নগাঁও সদৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ ভাগত সমষ্টিটোত উদ্বোধন কৰিলে কেইবাটাও আঁচনি ৷ নগাঁও মহাবিদ্যালয়ৰ অনুসূচীত ছাত্ৰীবাসৰ আধাৰশিলা স্থাপনেৰে আৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত বহু কেইটা আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে ৷ এছঅপিডি আঁচনিৰে পুনৰ নিৰ্মাণ কৰা ৰত্নকান্ত বৰকাকতি সেতুৰ পৰা 3 নং ৰাজ্যিক ঘাইপথচোৱা উদ্বোধন কৰাৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ত আৰ ইউ এছ এ আঁচনিৰ অধীনত নৱনির্মিত সভাকক্ষ,বিজ্ঞান ভৱন আৰু মীনাৰ ঘড়ী উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে,নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নগাঁও মহাবিদ্যালয় চাৰিআলিত নিৰ্মাণ কৰা ক্লক টাৱাৰো উদ্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানৰ শেষত নগাঁও বাঙালী সন্মিলনীৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই । ই টি ভি ভাৰতৰ সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কয় আগন্তুক নিৰ্বাচনত উন্নয়ন আৰু অস্তিত্বই হ'ব বিজেপিৰ মূল ইছ্যু।
লগতে পঢ়ক:চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ?