ETV Bharat / state

ANAND MISHRA বাহিনীক চেলেঞ্জ কৰা চোৰৰ লুট-পাত বন্দী হ’ল কেমেৰাত

আনন্দ মিশ্ৰ বাহিনীক চেলেঞ্জ চোৰৰ । ফুটগধূলিতে এখন বন্ধ দোকানৰ তলা ভাঙি লুটি নিলে তিনি লক্ষাধিক টকা । চি চি কেমেৰা (CC Camera)ত বন্দী চুৰিৰ সমগ্ৰ দৃশ্য ।

author img

By

Published : Nov 15, 2021, 7:31 PM IST

thief activities got recorded on cctv camera
ANAND MISHRA বাহিনীক চেলেঞ্জ কৰা চোৰৰ লুটপাত বন্দী হ’ল কেমেৰাত

নগাঁও, 15 নবেম্বৰ : অপৰাধীৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰা নগাঁৱৰ এছ পি আনন্দ মিশ্ৰ(IPS ANAND MISHRA) বাহিনীক এইবাৰ প্ৰত্যাহ্বান জনালে এটা গভাইত চোৰে । ক'লা সেউজীয়া টি চাৰ্ট, ক’লা কাপোৰেৰে মুখ ঢকা এটা চোৰে মাত্ৰ কেইটামান চেকেণ্ডৰ ভিতৰতে এখন দোকানৰ টকাৰ বাকচৰ পৰা লুটি লৈ যায় তিনি লক্ষাধিক টকা । এই ঘটনা দেওবাৰৰ সন্ধিয়াৰ ।

উল্লেখযোগ্য যে, দেওবাৰে বিয়লিভাগত বন্ধ থাকে নগাঁও চহৰৰ প্ৰায়সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান । একেদৰে বন্ধ আছিল চহৰখনৰ লাওখোৱা ৰোডৰ শ্যাম এগ্র' ইণ্ডাষ্ট্ৰিছ নামৰ পাইকাৰী গেলামাল দোকানখনো । দোকানখন বন্ধ থকা অৱস্থাতেই সন্ধিয়া ৫ বজাত দোকানখনত প্ৰৱেশ কৰে এটা গভাইত চোৰ । দোকানখনৰ পিছফালৰ তলা ভাঙি দোকানখনৰ ভিতৰত প্ৰৱেশ কৰে চোৰটোৱে ।

পিছত হাতত থকা এটা screwdriver ৰে ধনৰ বাকচ খুলি লুটি নিয়ে সমস্ত ধন । মাত্ৰ কেইটামান চেকেণ্ডৰ ভিতৰতে চোৰে সম্পাদন কৰিলে এই লুটপাত । এগৰাকী প্ৰফেছনলৰ দৰে চোৰে নিমিষতে সম্পন্ন কৰা এই কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় দোকানখনৰ চি চি কেমেৰাত । দোকানখনত হোৱা চুৰিৰ বিষয়ে অৱগত হয় দোকানখনৰ কৰ্মচাৰী তথা স্বত্বাধিকাৰী ।

চুৰি হোৱাৰ বিষয়ে জানিব পাৰি ক্লজ চাৰ্কিট কেমেৰাৰ(CCTV) ফুটেজ সংগ্ৰহ কৰি আৰক্ষী থানাত দোকানীয়ে দাখিল কৰে এজাহাৰ । ইয়াৰ লগতে, আৰক্ষীক দাখিল কৰে চি চি কেমেৰাৰ ফুটেজ(CCTV FOOTAGE) । নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰম্ভ কৰিছে অনুসন্ধান। লগতে চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক কৰি জেৰা অব্যাহত ৰাখিছে হয়বৰগাঁও আৰক্ষীয়ে । নগাঁৱত অপৰাধীৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনী সদা সষ্টম হৈ থকাৰ পিছতো ফুটগধূলিতে চোৰে চাফাই চলোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক।

লগতে পঢ়ক : মণিপুৰ আৰক্ষী- Assam Rifles ৰ যুটীয়া অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.