ETV Bharat / state

বছৰ বছৰ ধৰি বিকল কৃষি বান্ধ: বিপদত কৃষক

শুকানজুৰি নামৰ এটি পাহাৰীয়া জুৰিৰ ওপৰত বহু বছৰ পূৰ্বেই নিৰ্মাণ কৰা কৃষি বান্ধ (Farm Dam) টোত জমা হোৱা পানী তলৰ বিশাল পথাৰলৈ নামি অহাত অঞ্চলটো নদন বদন হৈ পৰিছিল ৷ কিন্তু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত বান্ধটো ভাগি যোৱাত বিপদত পৰিছে কৃষক ৰাইজ ৷

author img

By

Published : Jun 28, 2021, 2:22 PM IST

বছৰ বছৰ ধৰি বিকল হৈ আছে কৃষি বান্ধ: কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

নগাঁও, 28 জুন : নগাঁও জিলাৰ বঢ়মপুৰৰ সমষ্টিৰ অন্তৰ্গত শুকানজুৰি অঞ্চলৰ কৃষিভূমিত পোনপটিয়াকৈ প্ৰভাৱিত কৰা এটা বিশেষ বান্ধ (Dam)ৰ বিকল অৱস্থাই এতিয়া প্ৰভাৱিত কৰিছে অঞ্চলটোৰ কৃষক ৰাইজক । শুকানজুৰি নামৰ এটি পাহাৰীয়া জুৰিৰ ওপৰত বহু বছৰ পূৰ্বেই নিৰ্মাণ কৰা কৃষি বান্ধ (Farm Dam) টোত জমা হোৱা পানী তলৰ বিশাল পথাৰলৈ নলাৰ সহায়ত বোৱাই আনি কৰা ধান খেতিৰ দ্বাৰা উপকৃত হৈছিল বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে । কিন্তু দুৰ্ভাগ্যজনকভাৱে কেইবছৰমানৰ আগতে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলৰ প্ৰভাৱত অতি গুৰুত্বপূৰ্ণ এই বান্ধটো ভাগি যায় ৷ যাৰবাবে পিছত কৃষকে পানী জমা কৰি ৰাখিব নোৱাৰাৰ বাবে পৰ্যাপ্ত পানীৰ অভাৱত কৃষক ৰাইজে কৰিব পৰা নাই আগৰ দৰে কৃষিকৰ্ম ৷

পানীৰ অভাৱত এতিয়া চন পৰিবলৈ ধৰিছে বিঘাই বিঘাই কৃষিভূমি । বান্ধটোৰ বিকল্প ব্যৱস্থাৰ অভাৱত এতিয়া জীয়াতু ভুগিবলৈ বাধ্য হৈছে দৰিদ্ৰ কৃষকৰ পৰিয়ালসমূহে । কিন্ত উদ্বেগজনক কথা এইয়ে যে, ইয়াৰ পিছতো আজি পৰ্যন্ত এই বিশেষ গুৰুত্ব বহন কৰা কৃষি বান্ধটোৰ মেৰামতি তথা পুনঃনিৰ্মাণ নকৰিলে সংশ্লিষ্ট বিভাগটোৰ লগতে পূৰ্বৰ তথা বৰ্তমানৰ শাসনাধিষ্ঠ কোনো এখন চৰকাৰে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ একাংশ ভূক্তভোগী কৃষক ৰাইজ ।

ক্ষুদ্ধ একাংশ কৃষকে এতিয়া সংবাদ মাধ্যমৰ জৰিয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ লগতে সংশ্লিষ্ট বিভাগক দৃষ্টিগোচৰ কৰোৱাৰ লগতে শীঘ্ৰেই পৰিত্যক্ত অৱস্থাত থকা শুকানজুৰিৰ কৃষিবান্ধটো পুনঃনিৰ্মাণ কৰাৰ দাবী জনায় ৷ যাতে শুকানজুৰি ৰ বিশাল খেতিপথাৰত কৃষিকাৰ্য কৰিবলৈ পৰ্য্যাপ্ত পানী জমা কৰি ৰাখিব পৰা যায় আৰু বৃহত্তৰ অঞ্চলটোৰ দৰিদ্ৰ কৃষক ৰাইজ উপকৃত হয় ৷

লগতে পঢ়ক : উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.