ETV Bharat / state

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত ম'হমৰীয়া - নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ ম'হমৰীয়া । স্বামীগৃহৰ চোতালতে সৎকাৰৰ চেষ্টা পৰিয়ালৰ । মাতৃৰ মৃতদেহলৈ চাই ছমহীয়া কণমানিৰ চিৎকাৰ । ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Nov 12, 2019, 11:08 PM IST

নগাওঁ, 12 নৱেম্বৰ: এগৰাকী মহিলাৰ কোলাত বহি এটি কণমানিয়ে ৰ লাগি চাইছে মাতৃৰ নিথৰ দেহ । মাতৃৰ মৰম বিচাৰি কান্দিছে ছমহীয়া কণমানিটিয়ে । কিন্তু বগা কাপোৰেৰে ঢাকি ৰখা মাতৃৰ যে সেয়া নিথৰ দেহ বুজি পোৱা নাই অবুজ শিশুটিয়ে ।

ঘটনা নগাঁৱৰ ম'হমৰিয়াৰ। এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰে বিয়লি উত্তপ্ত হৈ পৰে অঞ্চলটো । সোমবাৰে নিশা বিহ পান কৰাৰ ফলত মৃত্য হয় কণমানিটিৰ মাতৃ গৰাকীৰ । নিশা ৰহস্যজনকভাৱে মৃত্যু হোৱা মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বামী গৃহলৈ নিয়াৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ । স্বামী আৰু শাহুয়ে মিলি বিহপান কৰাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীৰ পৰিয়ালে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷

Intro:বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ ম'হমৰীয়া। স্বামীগৃহৰ চোতালতে সৎকাৰৰ চেষ্টা পৰিয়ালৰ। মাতৃৰ মৃতদেহলৈ চাই ছমহীয়া কণমানিৰ চিৎকাৰ। ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

Body:এগৰাকী মহিলাৰ কোলাত এটি কণমানিয়ে ৰ লাগি চাইছে মাতৃৰ নিথৰ দেহ। মাতৃৰ মৰম বিচাৰি কান্দিছে ছমহীয়া কণমানিটিয়ে। কিন্তু বগা কাপোৰেৰে ঢাকি ৰখা মাতৃৰ যে সেয়া নিথৰ দেহ বুজি পোৱা নাই অবুজ শিশুটিয়ে। বঞ্চিত মাতৃদুগ্ধৰ পৰা চিৰদিনৰ বাবে বঞ্চিত মাতৃৰ মৰমৰ পৰা। ঘটনা নগাঁৱৰ ম'হমৰিয়াৰ। এই গৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰে বিয়লি উত্তপ্ত হৈ পৰে অঞ্চলটো। সোমবাৰে নিশা বিহ পান কৰাৰ ফলত মৃত্য হয় কণমানিটিৰ মাতৃ কবিতা বৰদলৈৰ। নিশা ৰহস্যজনকভাৱে মৃত্যু হোৱা মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বামী গৃহলৈ নিয়াৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ। মহিলাগৰাকীক স্বামী আৰু শাহুয়ে মিলি বিহপান কৰাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীৰ পৰিয়ালে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। ঘৰৰ চোতালত তিনিঘণ্টাৰ অধিক সময় ৰাখি থোৱাৰ পিছতো স্বামী পৰিয়ালৰ কোনো এজন লোকে ব্যৱস্থা নোলোৱাত ঘৰৰ চোতালতে সৎকাৰৰ ব্যৱস্থা কৰে। অৱশ্যে নগাওঁ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শ্মশানত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰে।
bite,

Conclusion:ইপিনে আৰক্ষীয়ে অভিযুক্ত স্বামী পাৰ্থজিত দাস আৰু শাহু পোনেশ্বৰী দাসক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ। দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে সকলোৱে। এতিয়া প্ৰশ্ন হল এতিয়াও মাতৃদুগ্ধ পালন কৰা কণমানি সন্তানটিৰ দায়িত্ব কোনে লব।
---------- ------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
১২-১১-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.